তেজপুৰত ক্ৰমশঃ বৃদ্ধি পাইছে ড্ৰাগছ, গাঞ্জাৰ ভয়াৱহ প্ৰচলন৷ তাৰোপৰি নকল সোণ, জুৱা আদিৰো এক বিশাল নেটৱৰ্ক গঢ় লৈ উঠিছে৷ বিশেষকৈ তেজপুৰ পূৰ্বাঞ্চলত এচাম অসাধু চক্ৰই অবৈধভাৱে এনে ব্যৱসায় ৰমৰমীয়া ভাৱে চলাই আহিছে৷ শেহতীয়াকৈ এই ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰা দেখা গৈছে বৰঘাট আৰক্ষী চকীক৷ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু গোপন খবৰৰ ভিত্তিত ভোজখোৱা চাপৰিত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে৷ নুৰ ইছলাম নামৰ লোকজনে নিজ গৃহতে গোপনে মজুত কৰি গাঞ্জাৰ ব্যৱসায় চলাই আহিছিল৷ অৱশেষত প্ৰায় ৭ কেজি গাঞ্জাসহ নুৰ ইছলামক বৰঘাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে৷
বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে এনে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব৷