কৰম পৰৱ' উপলক্ষে চাহ বাগিচাত চৰকাৰী ছুটী ঘোষনা কৰাৰ সন্দৰ্ভত দূৰ্গা ভূমিজৰ প্ৰতিক্ৰিয়া।
কৰম পৰৱ' উপলক্ষে চাহ বাগিচাত ৬ছেপ্তেম্বৰত চৰকাৰী ছুটী ঘোষনা |
চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ "কৰম পৰৱ" উপলক্ষে 6 চেপ্তেম্বৰ তাৰিখে পোন প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ চাহ বাগিচা সমুহত চৰকাৰী ছুটী ঘোষনা কৰিছে ৰাজ্য চৰকাৰে | শ্ৰম বিভাগে এই সন্দৰ্ভত এক অধিসূচনা জাৰী কৰিছে | ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক চাহ জনগোষ্ঠীয় দল-সংগঠন বিলাকে আদৰণি জনাইছে। চৰকাৰৰ এই সিদ্ধান্তক প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা APCC সম্পাদক দূৰ্গা ভূমিজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, চাহ শ্ৰমিকৰ "পৰৱ"ত চাহ শ্ৰমিকে মজুৰি সহ ছুটী পাব লাগিব অন্যথা এই ছুটীৰ কোনো ভিত্তি নাই |