ছিপাঝাৰৰ শিঙিমাৰীত জব্দ কৰা হৈছে নকল টকা বনোৱা মেচিন আৰু অন্যান্য সামগ্ৰী।

ছিপাঝাৰ আৰক্ষীয়ে অভিযান চলাই শিঙিমাৰী গাঁৱৰ এঘৰত জব্দ কৰে নকল টকা বনোৱা মেচিনসহ অন্যান্য সামগ্ৰী।

আটক কৰা হৈছে গুল মহম্মদ ওৰফে নিকু আৰু মহিৰুদ্দিন আলি নামৰ দুজন লোকক।

গুল মহম্মদৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে সামগ্ৰীসমূহ।

লগতে জব্দ কৰা হৈছে দুখন দুচকীয়া আৰু তিনিখন চাৰিচকীয়া বাহন। 

সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।