অসম জাতীয়তাবাদীযুৱ ছাত্ৰ পৰিষদৰ মৰান আঞ্চলিক সমিতিয়ে শিক্ষক সকলক জনালে সম্বৰ্ধনা
শিক্ষক দিৱসত শিক্ষাগুৰুক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰান আঞ্চলিখ সমিতিয়ে মৰান মহাবিদ্যালয়ৰ অধ্যক্ষা ড°মিতিলী কোৱঁৰ, মৰান মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা ড° জয়শ্ৰী ফুকন, মৰান উচ্চ মাধ্যমিক বিদ্যালয়ৰ চিৰঞ্জীৱ ভট্যাচাৰ্য্য, প্ৰাক্তন ষিৱসাগৰজিলাৰ শিক্ষাবিষয়া আব্দুল জেলিল, মৰান বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু মৰান পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষকক শুভেচ্ছা জনায় । চৰাইদেউ জিলাৰ উপদেষ্টা ৰামচন্দ্ৰ দত্ত, মৰান আঞ্চলিক সমিতিৰ সভাপতি বিমান গগৈ, উপাধ্যক্ষ দীপাংকৰ ফুকন, সম্পাদক বিতোপন লাচন আৰু যুটীয়া সম্পাদক হিমাংশু চুতীয়াই প্ৰতিখন বিদ্যালয়ত গৈ ফুলাম গামোচা আৰু চেলেং চাদৰৰে শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনায় ।