কৰুণাধাৰাৰ দৰং জিলা সহায়ক সমিতিৰ উদ্যোগত। জটিল ৰোগত আক্ৰান্ত নীলাক্ষি দত্ত - কমল ডেকালৈ আৰ্থিক অনুদান।মঙলদৈৰ জটিল ৰোগত আক্ৰান্ত আৰু বিশেষভাৱে সক্ষম দুজন ব্যক্তিক আজি কৰুণাধাৰা ন্যাসৰক্ষী পৰা আৰ্থিক অনুদান আগবঢ়োৱা হয়। জানিব পৰা মতে, মঙলদৈ মেধিপাৰাৰ নিৱাসী কমল ডেকা বৰ্তমান জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে। কিন্তু চিকিৎসা নিয়াৰিকৈ আগবঢ়াই লৈ যোৱাটো তেওঁৰ বাবে অসম্ভব হৈ পৰিছে। দৰিদ্ৰতাৰে যুঁজ দি থকা পৰিয়ালটোৰ আবেদনৰ ভিত্তিত আজি ২০ হাজাৰ টকাৰ চেক কৰুণাধাৰাৰ পৰা প্ৰদান কৰা হয়। আনহাতে জন্মৰে পৰা এক বিশেষ ৰোগত আক্ৰান্ত হৈ মঙলদৈ চহৰত গেৰিমাৰীত থকা জল সম্পদ বিভাগৰ চৌহদত পিতৃ - মাতৃ, ভগ্নীৰ স'তে বসবাস কৰা বিশেষভাৱে সক্ষম নীলাক্ষি দত্ত নামৰ কুৰি বছৰীয়া ছোৱালীজনীকো আজি ৯ হাজাৰ টকাৰ চেক কৰুণাধাৰাৰ পৰা প্ৰদান কৰা হয়। কৰুণাধাৰাৰ দৰং জিলা সহায়ক সমিতিৰ সম্পাদক গণেশ দত্তৰ নেতৃত্বত যোৱা সদৌ দৰং কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি অন্তিৰাম ডেকা, শিক্ষক ৰমেশ চহৰীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দুগ্ধ ডেকা, অভিনেতা মহেন্দ্ৰ ডেকা, ব্যবসায়ী নাৰায়ণ ডেকা, যুৱ নেতা হেমন্ত কুমাৰ শৰ্মা, হীৰেণ চন্দ্ৰ ডেকা আদিয়ে চেক দুখন প্ৰদান কৰে। উল্লেখ্য যে, নীলাক্ষি দত্তৰ পিতৃ তিনি দশক ধৰি জল সম্পদ বিভাগৰ মঙলদৈ সংমণ্ডলত কাম কৰি আছে যদিও আজিলৈ তেওঁৰ চাকৰিটো নিয়মীয়া নহল। আনকি পূৰ্বে তেওঁ পাৰিতোষিক লাভ কৰিছিল যদিও বৰ্তমান সেই সামান্য ধনো বন্ধ হৈ আছে। যাৰফলত বিশেষভাৱে সক্ষম ছোৱালীজনীক লৈ পৰিয়ালটো এক মহা সমস্যাত পৰিছে। ইতিমধ্যে মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে---, দৰং, অসমে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ শিশু ৰোগ বিশেষজ্ঞ তথা সংগঠনটোৰ সদস্য ডাঃ খনিন দাসৰ সহযোগত ঔষধ পাতিৰ নামত প্ৰতিমাহে এহেজাৰ টকাকৈ প্ৰদান কৰি আহিছে। তাৎপৰ্যপূৰ্ণ যে, অলপতে হৈ যোৱা বানপানীত নীলাক্ষি দত্ত হঁতৰ জুপুৰিটো বিধ্বস্ত হৈ পৰাত বৰ্তমান জলসম্পদ বিভাগৰ পৰিত্যক্ত কোঠাত তেওঁলোক আশ্ৰয় লৈ আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચિત્રાસણી પાસે ખાનગી લકઝરીએ મારી પલટી
બનાસકાંઠા
ચિત્રાસની પાસે ખાનગી લકઝરી એ મારી પલટી
અમદાવાદ થી જયપુર જતી લકઝરી એ...
Mummy : 128 साल पहले हुई थी मौत, चोर की लाश थी, अब जाकर हो रहा है अंतिम संस्कार (BBC Hindi)
Mummy : 128 साल पहले हुई थी मौत, चोर की लाश थी, अब जाकर हो रहा है अंतिम संस्कार (BBC Hindi)
રન ફોર ડેવલપમેન્ટ મેરેથોન 2022નું ગણદેવી વિધાનસભા મત વિસ્તારમાં બીલીમોરા ખાતે પ્રસ્થાન કરાવ્યું
રન ફોર ડેવલપમેન્ટ મેરેથોન 2022નું ગણદેવી વિધાનસભા મત વિસ્તારમાં બીલીમોરા ખાતે પ્રસ્થાન કરાવ્યું...
B R Ambedkar और Veer Savarkar के संविधान में क्या समानता थी? Kitabwala |The Colonial Constitution
B R Ambedkar और Veer Savarkar के संविधान में क्या समानता थी? Kitabwala |The Colonial Constitution