সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত দেওবাৰে ডাঙৰীৰ হালালী ভৱনত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। তিনিচুকীয়া জিলাৰ গৰিষ্ঠ সংখ্যক মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক / গায়িকা সকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজা বালিমৰা ডাঙৰীয়া। প্ৰতিযোগী সকলৰ মাজৰে নিৰ্বাচিত শ্ৰেষ্ঠ প্ৰতিযোগীক অহা ইং ০৮ ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীৰ দীঘলী পুখুৰীত অনুষ্ঠিত হব লগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ "উদ্দীপনা" অনুষ্ঠিত ত গীত পৰিৱেশন কৰিবৰ বাবে তিনিচুকীয়া জিলাৰ তৰফৰ পৰা প্ৰেৰণ কৰা হব। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিচাৰকে নিৰ্বাচিত কৰি দিয়া শ্ৰেষ্ঠ প্ৰতিযোগী গৰাকীৰ নাম ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰী আচল চমুৱা বুলি জানিবলৈ দিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিতু ডেকাই।