"আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল"__এই অপ্ত বাক্যশাৰীয়ে যেন বাস্তৱ ক্ষেত্ৰত সঁচাত পৰিণত হৈছে জলসিঞ্চন বিভাগৰ গুৱাহাটী সংমণ্ডলৰ ক্ষেত্ৰত ৷ সংমণ্ডলটোৰ অন্তৰ্গত শৰাইঘাট,আল্টা আৰু ইছলামপুৰকে ধৰি কেইবাখনো গাঁৱৰ কৃষক ৰাইজে খৰাঙৰ বাবে কৃষিভূমিত পানীৰ অভাৱত মূৰে কপালে হাত দিয়াৰ সময়তো খেতিপথাৰত পানী যোগান ধৰিব পৰা নাই বিভাগটোৱে ৷ ৰাজ্যৰ জলসিঞ্চন বিভাগৰ গুৱাহাটী সংমণ্ডলৰ অধীনত ২ কৌটি ৬ লাখ ২৪ হাজাৰ ৪ শ টকাকৈ ব্যয় কৰি ইছলামপুৰ E L l S নামেৰে বৰনদীত পইন্ট ১ আৰু পইন্ট ২ বুলি দুটাকৈ পানী যোগান আঁচনি স্থাপন কৰিছে যদিও আজিলৈ আঁচনি দুখনৰপৰা খেতি পথাৰত পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই জলসিঞ্চন বিভাগ ৷ স্বয়ং মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত ইছলামপুৰ আৰু শৰাইঘাট গাঁৱৰ বৰনদীত স্থাপন কৰা কোটি কোটি টকীয়া আঁচনিখনৰ তথৈবচ অৱস্থাৰ পিছতো চকু মুদা কুলিৰ ভাৱত থকা জলসিঞ্চন বিভাগে কৃষকৰ উপকাৰৰ বাবে এইবেলি খাৰাঙতো কৃষিভূমিত পৰ্যাপ্ত পানী যোগানৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যাৰবাবে পানীৰ অভাৱত নষ্ট হল শালি ধানৰ খেতি ৷ আঁচনি দুখন পৰিচালনা কৰিবলৈ কৰ্তব্যত কোনো কৰ্মচাৰীক দেখা নাযায় বুলি ব্যক্ত কৰিছে স্থানীয় কৃষক ৰাইজে ৷ স্থানীয় ৰাইজে অৱগত কৰামতে দুই-এদিন বিভাগটোৰ কৰ্মচাৰী আঁচনিখনলৈ আহে যদিও বিদ্যালয় পৰিদৰ্শকৰ দৰে আঁচনি দুখন পৰিদৰ্শন কৰি গুছি যায় ৷ যাৰবাবে বিকল আঁচনি দুখন এতিয়া আবৰি ধৰিছে জংগলে ৷ কোটি কোটি টকা ৰাইজৰ ধন শৰাধ কৰি বিভাগটোৱে স্বয়ং মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে কৰা এই ভেকোভাওনাই বিভাগটোৰ ফোপোলা স্বৰূপ উদঙাই দিয়া বুলি সচেতন সমাজে মন্তব্য কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रांजणगाव MIDC त गाडीवर पोलिस नाव टाकुन गैरप्रकार सुरु
शिरुर तालुक्यात पंचंतारांकित औद्योगिक वसाहत असलेल्या रांजणगाव MIDC त अनेक गैरप्रकार होत असुन...
AAP અને BJP વચ્ચેની રાજકીય ખેંચતાણ દરરોજ નવો વળાંક, રાજીનામાની માંગ
AAP અને BJP વચ્ચેની રાજકીય ખેંચતાણ દરરોજ નવો વળાંક લઈ રહી છે. AAPએ સોમવારે વિધાનસભામાં LG VK...
વલ્લભીપુર : કોળી સમાજના બાહોશ યુવાનોની સરાહનીય કામગીરી
વલ્લભીપુર : કોળી સમાજના બાહોશ યુવાનોની સરાહનીય કામગીરી
વડોદરા શહેરના સલાટ વાળા વિસ્તારમાં ઢોર પાર્ટી દ્વારા ઢોર વાળા સીલ કરવામાં આવ્યા
વડોદરા શહેરના સલાટ વાળા વિસ્તારમાં ઢોર પાર્ટી દ્વારા ઢોર વાળા સીલ કરવામાં આવ્યા
लोकसभा अध्यक्ष आदरणीय ओम जी बिरला व यशस्वी मुख्यमंत्री भजनलाल जी शर्मा की प्रेरणा से भाजपा कोटा शहर
लोकसभा अध्यक्ष आदरणीय ओम जी बिरला व यशस्वी मुख्यमंत्री भजनलाल जी शर्मा की प्रेरणा से भाजपा कोटा...