বৰহাটত সদৌ অসম গাওঁবুঢ়া সংস্থাৰ উদ্যোগত বৰহাট নিউ হাই স্কুলত ৰাজ্যিক কাৰ্যনিৰ্বাহ সভা সম্পন্ন।

সদৌ অসম গাওঁবুঢ়া সংস্থাৰ উদ্যোগত তথা চৰাইদেউ জিলা আৰু সাপেখাতী ৰাজহ চক্ৰ গাওঁ প্ৰধান সংস্থাৰ সহযোগত আজি বৰহাট নিউ হাই স্কুলৰ ,ভাকক্ষত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয়।সদৌ অসম গাওঁবুঢ়া সংস্থাৰ সভাপতি গোবিন গগৈ পৌৰোহিত্বতত অনুষ্ঠিত সভাখন আঁত ধৰে সদৌ অসম গাওঁবুঢ়া সংস্থাৰ সম্পাদক ,ঘণশ্যাম তালুকদাৰে। সভাত অসমৰ 25খন জিলাৰ দুশজন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত গাওঁবুঢ়া সকলৰ বিভিন্ন সমস্যা, সংগঠনৰ সাংগঠনিক দিশ শক্তিশালী কৰা,গাওঁবুঢ়াৰ আৰ্থিক নিৰাপত্তা আদি বিভিন্ন দিশত আলোকপাত কৰা হয়।