১৯৬৪ চনতে স্থাপিত উজনি অসমৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ কালিৰে পৰা আৰম্ভ হোৱা ন-পুৰণি শিক্ষাৰ্থী সমাৰোহৰ আজি সামৰণি পৰে৷ আজি দ্বিতীয় দিনা উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মৰাণবাসীক মোহিবলৈ সক্ষম হয়৷ শিক্ষানুষ্ঠানখনৰ ১৪ টা বিভাগৰ লগতে আন ৬ টা দলসহ মুঠ ২০ টা সাংস্কৃতিক দলে অংশ লোৱা দীঘলীয়া শোভাযাত্ৰাটো মহাবিদ্যালয় চৌহদৰ পৰা মৰাণ নগৰৰ মাজেৰে গৈ পুনৰ মহাবিদ্যালয়ত সামৰা হয়৷ দুদিনীয়াকৈ অনুষ্ঠিত সমাৰোহৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় কালি পুৱা ৬১ খন পতাকা উত্তোলনেৰে৷ কাৰ্যসূচী অনুসৰি শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন কৰাৰ পাচতে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক বিশিষ্ট ব্যক্তি তথা শিক্ষক-কৰ্মচাৰীসকলক সম্বদ্ধৰ্না জ্ঞাপন কৰা হয়৷ দুপৰীয়া উদ্‌যাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰিদিপ ফুকনৰ সঞ্চালনাত অনুষ্ঠিত ন-পুৰণি শিক্ষাৰ্থীৰ প্ৰথম সমাৰোহখন উদ্বোধন কৰে মৰাণ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড॰ অসীমাভ দত্তই৷ এই সমাৰোহতে স্মৃতিগ্ৰন্থ উন্মোচন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষা ড॰ মিতালী কোঁৱৰে৷ বিয়লি অনুষ্ঠিত হয় ন-পুৰণি শিক্ষাৰ্থীৰ সাংস্কৃতিক অনুষ্ঠান৷ আজি দ্বিতীয় দিনা দুপৰীয়া ১১ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ জামানে৷ শোভাযাত্ৰাত সমাজতত্ত্ব বিভাগে প্ৰথম, উদ্ভিদ বিজ্ঞান বিভাগে দ্বিতীয়, অসমীয়া বিভাগে তৃতীয় আৰু জীৱবি:ান বিভাগে চতুৰ্থ স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷ বিয়লি বিভাগটোৰ প্ৰাক্তন ছাত্ৰ তথা বিষয় শিক্ষক সৰ্বেশ্বৰ খনিকৰৰ সঞ্চালনাত অনুষ্ঠিত ন-পুৰণি শিক্ষাৰ্থীৰ দ্বিতীয়খন সমাৰোহ উদ্বোধন কৰে বিভাগটোৰ প্ৰাক্তন ছাত্ৰ তথা মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে৷ সমাৰোহত বিভাগটোৰ প্ৰাক্তন ছাত্ৰ জোনাৰাম ফুকন, অধ্যাপক নবীন গগৈকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ সন্ধিয়াৰ মুকলি সভাৰ পাচতে সাংস্কৃতিক অনুষ্ঠানেৰে শিক্ষাৰ্থী সমাৰোহখন সামৰণি  পৰে ।