খোৱাং মহাবিদ্যালয়ত ২০২২বৰ্ষৰ নবাগত আদৰণী সভা তথা খোৱাং মহাবিদ্যায়ৰ শ্ৰেষ্ঠ স্নাতক বঁটা আৰু থুলন্তৰ হাজৰিকা সোৱঁৰণি শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুস্থিত হয় । সভাৰ আৰম্ভ হোৱাৰ পুৰ্বে মহাবিদ্যালয়ৰ নবনিৰ্মিত গাৰ্লচ হোষ্টেলটো খোৱাং মহাবিদ্যাল্যয়ৰ প্ৰতিস্থাপক সভানেত্ৰী তথা কৃতী শিক্ষয়িত্ৰীৰ ৰাষ্চ্ৰীয় বঁটা প্ৰাপক কল্যানী দেবী, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ত্ৰৈলোক্য দিহিন্গীয়া, পৰিচালনা সমিতিৰ সভাপতি বিপুল বৰুৱা, উপাধ্যক্ষা দিপালি শইকীয়া ,শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী , ছাত্ৰ ছাত্ৰী তথা স্থামীয় ৰাইজৰ উপস্থিতিত
উদ্বোধন কৰে মৰান সমস্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ।এই গাৰ্লচ হোষ্টেল আৰম্ভ হোৱাত মহাবিদ্যালয়খনিৰ এক বহুদিনীয়া অভাব পুৰণ গল বুলি সকলোৱে সন্তোষ প্ৰকাশ কৰে । এই কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি গছপুলি ৰোপন কৰা হয় । এই কাৰ্য্য সমাপন কৰে বিধায়ক চক্ৰধৰ গগৈ, কল্যানী দেবী, অধ্যক্ষ নহোদয় আৰু বিপুল বৰাদেৱে । এই কাৰ্য্যসূচীৰ পিছতেই অনুস্থিত হোৱা নবাগত আদৰণী সভাখনি আৰম্ভ হয় মহাবিদ্যালয় সংগীতেৰে ।অধ্যক্ষদেৱে সভাপতিত্ব কৰা এই সভাত এইবছৰৰ মহাবিদযালয়ৰ শ্ৰেষ্ঠ স্নাতক বঁটা আগবঢ়োৱা হয় ইতিহাস বিভাগৰ ছাত্ৰী পুষ্পা সোণোৱাললৈ । এই বঁটা প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ত্ৰৈলোক্য দিহীন্গীয়াই । মহাবিদ্যালয়ৰ ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা স্মৃতা হাজৰিকাই লাভ কৰে থুলন্তৰ হাজৰিকা সোঁৱৰণি শৈক্ষিক বঁটা । খোৱাং অন্চলৰ এগৰাকী বিশিষ্ট ব্যক্তি, সামাজিকভাবে দায়বদ্ধ নাগৰিক প্ৰয়াত থুলন্তৰ হাজৰিকাৰ সোঁৰণত এই বঁটা আগবঢ়াই পৰিয়াল বৰ্গৰ হৈ তেখেতৰ সহধৰ্মিনী শ্ৰীযুতা প্ৰেমদা হাজৰিকাই । সভাত উপস্থিত থাকি মৰান সমস্তিৰ বিধায়ক চক্ৰধৰ গগৈয়ে নিজ বক্তব্যত জাতিৰ ইতিহাস তথা সংস্কৃতি অধ্যয়নছাত্ৰ ছাত্ৰীৰ বাবে যে অতি প্ৰয়োজন সেই কথা দোহাৰে । লগতে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বিপুল বৰুৱা, মহাবিদ্যালয়ৰ প্ৰতিস্থাপক সভানেত্ৰী তথা কৃতী শিক্ষয়িত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কল্যানী দেবী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক যুটীয়া পন্জীয়ক তথা খোৱাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিনোদ বড়া, মহাবিদ্যালয়ৰ উপাধ্যক্ষা দিপালি শইকীয়া , ছাত্ৰ একতা সভাৰ উপদেষ্টা ড০ পদ্মা দত্ত , প্ৰায়াত থুলন্তৰ হাজৰিকাৰ সহধৰ্মিনী প্ৰেমদা হজৰিকাই সভাত উপস্থিত থাকে । আজিৰ সভাৰ অন্তত ছাত্ৰ থাত্ৰী সকলে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক কাৰ্যযসূচীৰ লগতে উদীয়মান কন্ঠশিল্পী বিশ্ৰুত শইকীয়াৰ গীতৰ শৰাই আগবঢ়োৱা হয় ।