সোণাৰিত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ
বিভিন্ন ৰোগত আক্ৰান্ত সোণাৰি সমষ্টিৰ মুঠ ৩০১ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক সমূহ আজি আনুষ্ঠানিক ভাৱে বিতৰণ কৰে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই উপলক্ষে তেখেতৰ সোণাৰি স্থিত ভৱনত এক সভাৰ আয়োজন কৰা হয়। দেৱজিৎ হাজৰিকাই আঁতধৰা এই সভাত বিধায়ক কোঁৱৰৰ উপৰিও আমন্ত্ৰী অতিথি হিচাপে উপস্থিত থকা পৌৰপতি তিলক চন্দ্ৰ নেওগ, সমাজকৰ্মী দিলীপ কোঁৱৰ আদিয়ে ভাষণ দিয়ে। সভাত ৩০১ গৰাকী অসুস্থ ব্যক্তিৰ নামত অবন্তিত আৰ্থিক সাহাৰ্যৰ চেক সমূহ বিতৰণ কৰা হয়।