ৰঙিয়াৰ তুলসীবাৰীত যুবক এজন সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰাহুল কলিতা নামৰ যুবকজন ১৬ আগষ্টত ঘৰৰ পৰা গুৱাহাটীৰ বেলতলা তিনিআলি থকা এটি লেবৰটৰীত কাম কৰিবলৈ বুলি ওলাই গৈছিল ।কিন্তু যোৱা ৬দিন ধৰি পৰিয়ালৰ লগত যোগাযোগ নাই ৰাহুলৰ । ৰাহুলৰ লগত কোনো সংযোগ কৰিব নোৱাৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। যোৱা পাচদিন ধৰি কোনো শুংসূত্ৰ নোপোৱাত ৰঙিয়াৰ তুলসীবাৰীৰ আৰক্ষীৰ ওচৰ চাপিছে পৰিয়ালৰ লোক। উল্লেখযোগ্য যে 

ৰাহুল কলিতাই নলবাৰীৰ বন্ধু এজনৰ লগত গুৱাহাটীত কাম কৰিব যোৱাৰ কথা ঘৰত কৈ গৈছিল । কোনো লোকে কিবা শুংসূত্ৰ পালে আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ ৰাহুলৰ পিতৃ- মাতৃয়ে ৰাইজক কাতৰ অনুৰোধ জনাইছে ।