ধেমাজি জিলাখনৰ বিভিন্ন পঞ্চায়তত প্ৰধানমন্ত্রী আৱাস গ্ৰাম্য যোজনা আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি(এমজিএনৰেগা)ত হৈ থকা ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ তদন্তৰ দাবীত শনিবাৰে ধেমাজি নগৰত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি পৰিৱেশ উত্তাল কৰি তোলে ধেমাজি মহকুমা ছাত্র সন্থাৰ কৰ্মীয়ে। শনিবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজালৈকে অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে’কাৰ্ড লৈ যোগ্যব্যক্তিক চৰকাৰী গৃহ প্ৰদান কৰক, দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তিক অগ্ৰাধিকাৰ দিয়ক, যোগ্যজনক বঞ্চিত কৰা কাৰ্য বন্ধ কৰক, অনিয়মত জড়িত ব্যক্তিক শাস্তি দিয়ক, এমজিএনৰেগা নীতি নিয়ম মানি চলক, ভুৱা জৱ কাৰ্ডসমূহ জব্দ কৰক, ছাত্র ঐক্য জিন্দাবাদ, সদৌ অসম ছাত্র সন্থা জিন্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে। কাৰ্যসূচীৰ অন্তত প্ৰতিবাদস্থলীতে এখন সভাও অনুষ্ঠিত কৰে৷ প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগাঠনিক সম্পাদক মণ্টুৰাজ বৰুৱা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা, সাধাৰণ সম্পাদক কল্যাণ গগৈ, মহকুমাৰ ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ আৰু সাধাৰণ সম্পাদক অৰ্ণিবান শইকীয়াই ধেমাজি জিলাখনৰ বিভিন্ন ঠাইত ইতিমধ্যে ৰূপায়িত কৰা পিএমএৱাই আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত প্ৰতিটো পঞ্চায়ততে অনিয়ম সংঘটিত হোৱা ঘটনাৰ তদন্ত কৰা, দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰকৃত যোগ্য ব্যক্তিসকলক কিহৰ বাবে বঞ্চিত কৰা হৈছে ইয়াৰ তদন্তৰ ব্যৱস্থা কৰা, চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ শ্ৰীপাণি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ ৬০ বছৰীয়া বৃদ্ধা সৰুমাই চাংমাইৰ নামত অহা চৰকাৰী ঘৰৰ ধন পঞ্চায়তৰ সভাপতি, সদস্য আৰু সচিবে আত্মাসাৎ কৰা ঘটনাৰ তদন্ত কৰি দোষী ব্যক্তিসকলক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰা, বৰদলনি, মাছখোৱা, চিচিগাঁও উন্নয়ন খণ্ডত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ দৰিদ্ৰ পৰিয়ালসমূহক শীঘ্ৰেই চৰকাৰী গৃহ আবণ্টন দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંબાજી ખાતે ભવ્ય સાંસ્કૃતિક કાર્યક્રમો યોજાશે.
તા. ૧૨ થી ૧૬ ફેબ્રુઆરી દરમિયાન ગબ્બર તળેટી ખાતે સાંત્વની ત્રિવેદી, કીર્તીદાન ગઢવી, પાર્થિવ ગોહીલ,...
Khagrabari 2nd time flood affected Suklai River under Udalguri district
Khagrabari 2nd time flood affected suklai river under Udalguri district.
ભગવાન રામલલાના મુખારવિંદની પ્રથમ તસવીર આવી સામે
Ayodhya Ram Mandir Updates: અયોધ્યામાં 22 જાન્યુઆરીએ રામ મંદિરમાં ભગવાન રામની પ્રાણપ્રતિષ્ઠા...
डोटासरा 7 सीटों पर दावेदारों का नेताओं से लेंगे फीडबैक, चर्चा के लिए बुलाई बैठक
राजस्थान प्रदेश कांग्रेस कमेटी के अध्यक्ष गोविंद सिंह डोटासरा ने बुधवार को बैठक बुलाई....