অসম চৰকাৰে চলিত বৰ্ষৰ শিক্ষক দিৱস উপলক্ষে ৰাজ্যিক শিক্ষক বঁটা ঘোষণা কৰিছে৷ এইবাৰ ২২ গৰাকী কৃৰ্তী শিক্ষক- শিক্ষয়িত্ৰীক নিৰ্বাচন কৰিছে এই সন্মানীয় বঁটা কাৰণে। বঁটা প্ৰাপক সকল হ'ল--
মাধ্যমিক বিদ্যালয়ৰ বাবে শিৱসাগৰৰ অমৰজ্যোতি বৰঠাকুৰ (অধ্যক্ষ, আউনিআটি হেমচন্দ্ৰ দেৱ উ:মা:বিদ্যালয়), মনমোহন দেৱনাথ(অধ্যক্ষ,শলগুৰি উ:মা:বিদ্যালয় ), লখিমপুৰৰ অনিৰূদ্ধ ফুকন (স্নাতকোত্তৰ শিক্ষক, উত্তৰ লখিমপুৰ বালিকা উ:মা:বিদ্যালয়), ধেমাজীৰ বন্দনা হাজৰিকা (সহ:শিক্ষয়িত্ৰী,ধেমাজী বালিকা উ:মা:বিদ্যালয়), কাছাৰৰ নিৰূপম নাথ (সহ:শিক্ষক,যুধিষ্ঠিৰ সাহা উ:মা:বিদ্যালয়), গোৱালপাৰাৰ চুজিমউদ্দিন আহমেদ,(স্নাতকোত্তৰ শিক্ষক,পি আৰ চৰকাৰী উ: মা:আৰু মজলীয়া বিদ্যালয়),বিশ্বনাথৰ জগদীশ চন্দ্ৰ শৰ্মা( প্ৰধান শিক্ষক,গহপুৰ বালিকা হাইস্কুল),দৰংৰ অৰুণ চন্দ্ৰ নাথ(সহ:শিক্ষক,চিপাঝাৰ উ:মা: আৰু মজলীয়া বিদ্যালয়),গোলাঘাটৰ চিদানন্দ পাঠক(অধ্যক্ষ,দেৰগাঁও বালিকা উ:মা:বিদ্যালয়),ধেমাজিৰ সুনীল কোছ(অধ্যক্ষ,ভাটঘৰীয়া উ:মা:বিদ্যালয়),ডিব্ৰুগড়ৰ উদয় শংকৰ গগৈ(সহ:প্ৰধান শিক্ষক,টেঙাঘাট বালিকা উ:মা:বিদ্যালয়),বঙাইগাঁওৰ মিনাকুমাৰী মণ্ডল(অধ্যক্ষা,অভয়শ্বৰী উ: মা:আৰু মজলীয়া বিদ্যালয়),নলবাৰীৰ নৃপেন দত্ত(সহ:শিক্ষক,ঢাকোনিয়া ৰত্নপুৰ নৱজ্যোতি হাইস্কুল) ৷
আনহাতে মজলীয়া বিদ্যালয়ৰ বাবে শোণিতপুৰৰ দৰ্শমুকুট কেওট(সহ: শিক্ষক,ডেকাৰগাঁও বালিকা মজলীয়া বিদ্যালয়),বঙাইগাঁওৰ মহম্মদ য়াচিন আনচাৰী(সহ:শিক্ষক,নেতাজী হিন্দী বিদ্যাপীঠ মজলীয়া বিদ্যালয়)৷
একেদৰে প্ৰাথমিক বিদ্যালয়ৰ বাবে বিশ্বনাথৰ ৰিছু ইংতি(প্ৰধান শিক্ষক,হাতীমশৰা পথাৰ প্ৰাথমিক বিদ্যালয়), লখিমপুৰৰ অঞ্জনা কোছ(প্ৰধান শিক্ষয়িত্ৰী,ঘিলামৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়),কামৰূপৰ সৰস্বতী দত্ত(প্ৰধান শিক্ষয়িত্ৰী,ৰামদিয়া আদৰ্শ প্ৰাথমিক বিদ্যালয়),ডিব্ৰুগড়ৰ দিপালী ডেকা(প্ৰধান শিক্ষয়িত্ৰী,নেপালী হিন্দী প্ৰাথমিক বিদ্যালয়),চৰাইদেওৰ জিতেন দাস(প্ৰধান শিক্ষক,শিঙৰীজান বাগিচা প্ৰাথমিক বিদ্যালয়),দৰংৰ কুসুম হাজৰিকা(প্ৰধান শিক্ষয়িত্ৰী,গাৰোবন্ধা জুনিয়ৰ বেচিক স্কুল),কামৰূপৰ মৃগেন্দ্ৰ কলিতা(প্ৰধান শিক্ষক,খিদিৰ পুখুৰী কৈবত্ত পাৰা প্ৰাথমিক বিদ্যালয়) ৷