অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শনৰ বাবে ধেমাজিলৈ আহি শনিবাৰে দুপৰীয়া অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলসমূহ চৰজমিন তদন্ত কৰিবলৈ আহি সীমান্তৱৰ্তী চিলনীবস্তিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাইজৰ মতামত লৈ নিকটৱৰ্তী তৰাজান লৈ ৰাওনা হোৱাৰ পিছতেই সীমান্তৱৰ্তী জয়ৰামপুৰ পাণবাৰী-কেঁচাকাঠনি নামৰ অঞ্চলত দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়৷ চিলনীবস্তিত জয়ন্ত মল্ল বৰুৱাই অসম-অৰুণাচলৰ দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা লোকসকলৰ মতামত লৈ থকা সময়তে অঞ্চলটোত চেঁপা উত্তেজনাই বিৰাজ কৰে। প্ৰৱল বৰষুণৰ মাজতে অৰুণাচল প্ৰদেশৰ দুজন বিধায়ক আৰু সীমান্তৱৰ্তী জিলাৰ প্ৰশাসনক লগত লৈ ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চিলনী, তৰাজান-গেৰমেৰ আদি অঞ্চল পৰিদৰ্শন কৰে জয়ন্ত মল্ল বৰুৱাই৷ চিলনীবস্তিৰ পৰা ৰাইজৰ মতামত লৈ মন্ত্ৰীয়ে তৰাজানলৈ যোৱাৰ পিছতেই অৰুণাচলৰ একাংশ লোকৰ সৈতে অসমৰ সীমান্তৱৰ্তী একাংশ লোকৰ তীব্ৰ বাক বিতণ্ডা হয় আৰু পিছত অৰুণাচলীয়ে হাতত লাঠী, দা লৈ খেদিবলৈ আহে৷ উত্তেজনাই চূড়ান্ত ৰূপ লৈ দুয়োটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়৷ তাৎপৰ্যপূৰ্ণভাবে অসম আৰক্ষীৰ উপস্থিতিতে অৰুণাচলীয়ে অসমীয়ালৈ চোঁচা লয়৷ আৰক্ষী সমুখতে দুয়ো ফৈদৰ মাজতে টনা-আঁজোৰা ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। উল্লেখ্য যে পূৰ্বেও জয়ৰামপুৰৰ পাণবাৰীত অসম-অৰুণাচলৰ সীমান্তৱৰ্তী লোকসকলৰ মাজত সংঘাত হৈ আহিছিল৷ আজি মন্ত্ৰীৰ পৰিদৰ্শনৰ পিছতে এই সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰে।