তিনিচুকীয়া জিলাৰ ৱাথৈ গাঁৱত সুমথিৰা পুলি বিতৰণ তথা প্ৰশিক্ষণ শিৱিৰ।

অসমৰ সুমথিৰা জিলা তিনিচুকীয়াৰ হেৰাইযোৱা গৰিমা পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াসেৰে এতিয়া গাঁৱে গাঁৱে ঘুৰিছে কৃষি বিজ্ঞানীৰ দল ৷ সৰ্ব ভাৰতীয় সংসত গৱেশনা প্ৰকল্প(ফল) AICRP(F), ICAR, IIHR বাঙ্গালোৰ, লগতে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অধিনত, তিনিচুকীয়া টেঙা গৱেষণা কেন্দ্ৰৰ দ্বাৰা লোৱা হৈছে এই প্ৰচেষ্টাক এতিয়া পুৰ্ণ সহযোগ কৰিবলৈ উলাই আহিছে আগ্ৰহী কৃষক সকল ৷ 

       শুক্ৰবাৰে বৰডুমচা থানাৰ অন্তৰ্গত ৱাথৈ গাঁৱত ফিল'বাৰী কৃষি চক্ৰ পথাৰ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা তথা তিনিচুকীয়া জিলাৰ কৃষক উৎপাদন সংগঠনৰ সঞ্চালক গনেশ মৰাণৰ উদ্যোগত ২৬ জন কৃষকৰ এটা গোটক কমলা টেঙা খেতিৰ কৃষি প্ৰণালী, উৎপাদন আৰু ব্যৱসায় সন্দৰ্ভত বিষদভাৱে প্ৰশিক্ষণ আগবঢ়াই তিনিচুকীয়া টেঙা গবেষণা কেন্দ্ৰৰ মুখ্য কৃষি বিজ্ঞানী ড° জ্যোতিপ্ৰসাদ দত্ত, Principal Scientist & PI of AICRP(F) ড° বিজিত কুমাৰ সাউদ আৰু কনিষ্ঠ কৃষি বিজ্ঞানী ড° শিখা ডেকাই ৷ প্ৰশিক্ষণটোত গুৰুত্ব পাই খেতিক ব্যৱসায়লৈ ৰুপান্তৰ কৰাৰ কৌশলৰ পৰ্যালোচনা সমুহে ৷ কৃষি বিজ্ঞানী সকলে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক স্বাবলম্বীতাৰ কাৰণে কমলা খেতি কৰোঁ আহক বুলি ৰাইজক আহ্বান জনাই দাবী কৰে যে কমলাটেঙা হৈছে তিনিচুকীয়া জিলাখনৰ বাবে সৰ্বাধিক লাভজনক ফলৰ খেতি ৷ এই কমলাটেঙা খেতিত পৰিশ্ৰম কম, প্ৰতিপালনৰ খৰছ তেনেই নুন্যতম আৰু বছৰটোত আয় এক কালিন হয় ৷ প্ৰশিক্ষণৰ অন্তত প্ৰতিজন কৃষকে এবিঘাকৈ মাতিত ৰুবৰ বাবে প্ৰত্যেককে ৫৪টাকৈ মুঠ ১৪০৪টা কমলা টেঙাৰ পুলি বিতৰণ কৰে ৷