ধেমাজি গোৰখালি নেপালী গাওঁত লাইপুলিয়া নদীৰ ভয়ংকৰ গৰাখহনীয়া ৰোধ কৰিবলৈ গাওঁ ৰাইজৰ পূজা অৰ্চনা সম্পন্ন, বিজেপি হাৰ্হি মণ্ডল সভাপতিৰ মঠাউৰি পৰিদৰ্শন

আজি ভাৰতীয় জনতা পাৰ্টী, হাৰ্হি মণ্ডলৰ সভাপতি প্ৰণৱজিৎ গগৈ আৰু ধেমাজি জিলা কৃষক মৰ্চা সামাজিক মাধ্যম কোষৰ আহ্বায়ক পাৰ্থ প্ৰতিম দত্তই হাৰ্হি মণ্ডলৰ অন্তৰ্গত হাৰ্হি পঞ্চায়তৰ গোৰখালি নেপালী গাঁৱত লাইপুলিয়া নদীৰ মাঠাউৰি পৰিদৰ্শন কৰে । উক্ত পৰিদৰ্শন কালত উপস্থিত থাকে স্থানীয় ৱাৰ্ড সদস্য লোহিত বৰা আৰু স্থানীয় ৰাইজ সকল ।

উল্লেখ্য যে নেৰানেপেৰা বৰষুণৰ ফলত লাইপুলিয়া নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে লগতে গাওঁখনৰ এক বিস্তৃৰ্ণ অঞ্চল বৰ্তমানে গৰাখহনীয়াৰ ফলত পানীত জাহ গৈছে। আজি স্থানীয় ৰাইজে পূজা অৰ্চনাৰে গাওঁখনৰ সকলো অপায় অমংগল দূৰ কৰি বানপৰিস্তিতি ইমানতেই সাম কটিবৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

লগতে লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ Pradan Baruah আৰু স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী Ranoj Pegu ক দীৰ্ঘ দীনৰ পৰা গোৰখালি নেপালী গাঁৱৰ ৰাইজে ভূগি অহা বান তথা গৰাখহনীয়া সমস্যাৰ এক স্থায়ী সমাধান কৰিবলৈ সমূহ অঞ্চল বাসী ৰাইজে বিনম্ৰতাৰে আহ্বান জনায় ।।