বেদখলকাৰীৰ কৱলত চৰাইদেউৰ বৃহৎ পৰিমাণৰ মাটি। আইনী যুঁজ কৰিবলৈ সাজু চৰাইদেউ আমাৰ গৌৰৱ সংস্থা।

  ৰাজ্য চৰকাৰে যি সময়ত বিভিন্ন চৰকাৰী ভূমি তথা বনাঞ্চল সমূহৰপৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে তেনে সময়তে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱ বহনকাৰী চৰাইদেউৰ বৃহৎ অঞ্চলত বেদখল চলাৰ তথ্য পোহৰলৈ আহিছে। সম্প্ৰতি স্থানীয়  লোকৰ দ্বাৰাই চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগতে চৰাইদেউ দেওশালৰ মাটি বেদখলকাৰীৰ কৱলত থকা বিষয়টোৱে চৰ্চা লাভ কৰিছে। ৰাজ্যিক প্ৰত্নতত্ব বিভাগৰ অমনোযোগিতা তথা কাণসাৰ নথকা বাবে অৱহেলিত, অনাদৃত, অসংৰক্ষিত তথা এলাগী হৈ পৰি ৰৈছে চৰাইদেউত আহোম ৰাজত্বকালৰ ঐতিহ্য । এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই স্থানীয় ৰাইজৰ সহযোগত দেওশালখন হাবি-জংঘলৰপৰা মুকলি কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে  । কিন্তু অতি পৰিতাপৰ কথা যে, দেওশাল আৰু লাংকুৰী দৌলৰ বৃহৎ  এলেকা একাংশ লোকে বেদখল কৰি উক্ত স্থানত চাহ বাগিচা স্থাপন কৰাৰ লগতে দেওশালৰ মাটি ব্যক্তিগত ম্যাদী পট্টাৰ মাটি বুলি দাবী জনোৱাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আনহাতে প্ৰথমগৰাকী আহোম স্বৰ্গদেউ চাওলুং চুকাফা তথা কাষতে থকা কেইবাটাও মৈদামৰ ভূমি বেদখল কৰি একাংশ লোকে চাহ বাগিচা স্থাপন কৰাৰ ওপৰিও মৈদামলৈ যোৱা পথত এটা পৰিয়ালে ঘৰ সাজি বাস কৰি আহিছে বহু দিনৰ পৰাই। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া জাঙুৰ খাই উঠিছে চৰাইদেউ আমাৰ গৌৰৱ সংস্থা। সেয়েহে অতি শীঘ্ৰে যদি এই বেদখল যদি উচ্ছেদ কৰা নহয় তেনে হ'লে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ স্বেচ্ছাসেৱী সংগঠনটোৰ।