চৰকাৰী চাকৰি কৰিও দূৰ্বিসহ জীৱন পাৰ কৰা এগৰাকী নাৰ্ছৰ জীৱনৰ কৰুণ অধ্যায়ে হতচকিত কৰি তুলিব আপোনাক। ছিপাঝাৰৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চ জাহানাৰ বেগমে বিভাগৰ প্ৰতাৰণাৰ বলি হৈ সম্প্ৰতি দিন নিয়াব লগীয়া হৈছে অতি দুৰ্বিসহ জীৱন অতিবাহিত কৰিব লগা হৈছে। এসাজ খায় এসাজ লঘোনে দিন কৰিব লগীয়া হৈছে নাৰ্চগৰাকীয়ে। ঘৰৰ সকলো আঁচবাব বিক্ৰী কৰি সৰ্বস্বান্ত হৈছে। 

বিগত পাঁচ বছৰ ধৰি বিদ্যুত সংযোগ বিচ্ছিন্ন এটি পৰিত্যক্ত এন্ধাৰ কোঠাত কটাইছে জীৱন‌‌ ।উল্লেখযোগ্য যে কৰ্তব্যৰত অবস্থাতে ব্ৰেইন ষ্ট্ৰক হৈ হঠাতে অসুস্হ হৈ পৰিছিল জাহানাৰা বেগম নামৰ নাৰ্ছ গৰাকী। শাৰীৰিক অসুস্হতাৰ ছুটীও বিচাৰিছিল যদিও বিভাগে নূন্যতম সহানুভুতিও প্ৰকাশ নকৰিলে তেওক।

যাৰ বাবে পাঁচ ছয় বছৰৰ পৰা নিজৰ দৰমহাৰ এটা ফুটা কৰিও লাভ কৰা নাই।আনকি স্বেচ্ছামূলক অৱসৰ বিচাৰি আৱেদন কৰিছিল যদিও সেয়াও গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই চিকিৎসালয়খনৰ আৱাসতে বাস কৰি থকা নাৰ্ছগৰাকীয়ে অভাৱৰ মাজেৰেই চলাই নিব লগীয়া হয় নিজৰ চিকিৎসাও। বিদ্যুত মাচুল দিৱ নোৱাৰাৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ ফলত উৎকত গৰমত লঘোনে ভোকে থাকি কান্দি কান্দি দিন 

পাৰ কৰিছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে। বাৰম্বাৰ বিভাগত যোগাযোগ কৰিও কোনো সুফল নোপোৱা নাৰ্ছগৰাকী যেন এতিয়া হৈ পৰিছে অসহয়।