ছয়দুৱাৰ কৃষক উৎপাদন কোম্পানীৰ কাৰ্যালয় গৃহৰ শুভ উদ্বোধন

বিশ্বনাথ চাৰিআলি, ১ ছেপ্তেম্বৰঃ বিশ্বনাথ জিলাৰ ঘাহিগাওঁ কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত আমতলাত অৱস্থিত ছয়দুৱাৰ কৃষক উৎপাদন কোম্পানীৰ কাৰ্যালয় গৃহটোৰ ৩১ আগষ্টত শুভ উদ্বোধন কৰা হয় । এই ফাৰৰ্মাছ প্রদিউছাৰ কোম্পানী বা কৃষক উৎপাদন কোম্পানীৰ কেন্দ্ৰটো ফিটা কাটি উদ্ধোধন কৰে বিশ্বনাথ জিলাৰ প্ৰাক্তন কৃষি বিষয়া বিজয় দত্তয়ে আৰু বন্তি প্ৰজ্বলন কৰে মহকুমা কৃষি উন্নয়ন বিষয়া মনোজ কুমাৰ নাৰ্জাৰীয়ে।

মাকৈ আৰু সৰিয়হক মূল খেতি হিচাপে লৈ গঠন কৰা এইটো এফ পি চিয়ে বৰ্তমানলৈ ৩০০ জন কৃষকক সামৰি লৈছে। এই সভাখনিত কিদৰে কৃষক বন্ধু সকলে কম খৰচতে খেতি কৰি উপকৃত হব পাৰে তাৰ বিষয়ে বিশদ ভাবে আলোচনা কৰা হয়।

এই অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে ভাৰতীয় কিষাণ সংঘৰ সভাপতি কুৰোছাৰ তিমুং, অবিচি উন্নয়ন পৰিষদৰ অধ্যক্ষ নোমল বৰুৱা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া প্ৰদীপ তালুকদাৰ, গহপুৰ কৃষি উন্নয়ন বিষয়া ৰক্তিম শইকীয়া, প্ৰগ্ৰাম বিষয়া দিব্যাশ্ৰী শইকীয়া, শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ এটি দল আৰু গহপুৰ কৃষি বিষয়া কাৰ্যালয়ৰ বিষয়া সকলৰ লগতে বিভিন্ন পদমৰ্যাদাৰ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।