আজি ছিপাঝাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সভাকক্ষত ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু ছিপাঝাৰ গাওঁ প্ৰধান সন্থাৰ সহযোগত অৱসৰী ১২ জন গাওঁবুঢ়াক আনুষ্ঠানিক ভাৱে বিদায় সম্ভাষণ জনোৱা হয়।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

বিদায়ী সভাত উপস্থিত থাকে বিধায়ক ড° পৰমানন্দ ৰাজবংশী।

জীৱনৰ বহুখিনি সময় সমাজৰ হিতৰ বাবে, শান্তি, শৃংখলা, সমতা ৰক্ষাৰ বাবে তেখেতসকলে চৰকাৰৰ লগতে জনমানসক যি প্ৰদান কৰিলে আজিৰ এই বিদায়বেলাত তাৰ অৰ্থে ধন্যবাদ আৰু অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে আৰু গাওঁ প্ৰধান সকলৰ অৱসৰী জীৱন সুখৰ হোৱাৰ কামনা কৰে।

ইয়াৰ উপৰিও গাওঁ প্ৰধান সকলৰ স্থায়ী কাৰ্যালয় গৃহটো মেৰামতিৰ বাবে এই সভাত বিধায়ক উন্নয়ন পুঁজিৰ পৰা ২ লাখ টকা প্ৰদানৰ ঘোষণা কৰে বিধায়কগৰাকীয়ে।