ৰাজ্যৰ বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰীৰ ব্যাপক সালসলনি ।

ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগে এক অধিসূচনাৰ জড়িয়তে সালসলনি কৰিছে অভিভাৱক মন্ত্ৰী সকলক ।

মন্ত্ৰী অতুল বৰাক উত্তৰ লক্ষীমপুৰ আৰু কামৰূপ মেট্ৰৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পন , ইয়াৰ পূৰ্বে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দায়িত্বত আছিল মন্ত্ৰী গৰাকী ।

একেদৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বঙাইগাঁও , তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ ।

মন্ত্ৰী পিযুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ আৰু কৰিমগঞ্জৰ দায়িত্ব ।

মন্ত্ৰী কেশৱ মহন্তক মৰিগাঁও , গোলাঘাট আৰু চাউথ শালমৰা মানকাচাৰৰ দায়িত্ব ।

মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নগাঁও আৰু হোজাই , মন্ত্ৰী অজন্তা নেওগক  যোৰহাট আৰু নলবাৰী , মন্ত্ৰী ৰনোজ পেগুক শিৱসাগৰ , মাজুলী আৰু বৰপেটাৰ দায়িত্ব ।

একেদৰে মন্ত্ৰী অশোক সিংঘালক গোৱালপাৰা আৰু কোকৰাঝাৰ , মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কাচাৰ , ধুবুৰী আৰু হাইলাকান্দি , মন্ত্ৰী চন্দমোহন পাটোৱাৰীক কামৰূপ আৰু দৰং জিলাৰ দায়িত্ব ।

অন্যহাতে মন্ত্ৰী যোগেন মোহনক কাৰ্বি আংলং , ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও , মন্ত্ৰী বিমল বৰাক চৰাইদেউ আৰু ওদালগুৰি , মন্ত্ৰী নন্দিতা গাৰ্লোচাক বাক্সা আৰু বজালী , মন্ত্ৰী উখৰাউ গৌৰ ব্ৰক্ষ্মাক চিৰাং আৰু তামোলপুৰ জিলাৰ লগতে মন্ত্ৰী সঞ্জয় কিষানক ধেমাজি জিলাৰ  অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগে ‌।