ধেমাজি জিলা ছাত্ৰ সন্হাৰ অন্তৰ্গত শক্তিশালী আঞ্চলিক সমিতি জীয়াধল আঞ্চলিক ছাত্ৰ সন্হাৰ নৱম বাৰ্ষিক অধিৱেশনখনি আজি পুৱতি নিশা সফলতাৰে সামৰণি পৰে ৷ ধেমাজি জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অধিৱেশনৰ কালি পুৱা পতাকা উত্তোলন , শ্বহীদ তৰ্পণৰ পিছতে দুপৰীয়ালৈ অনুষ্ঠিত হয় প্ৰতিনিধি আৰু বিষয় বাচনি সভা ৷ ইপিনে সন্ধিয়া শিক্ষাবিদ বিপিন বৰাৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাত সদৌ অসম ছাত্ৰ সন্হাৰ সাংগঠনিক সম্পাদক মণ্টুৰাজ বৰুৱা , ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈ , ডেভিড হাজৰিকা , ধেমাজি জিলা ছাত্ৰ সন্হাৰ সভাপতি দীপক শৰ্মা , সম্পাদক কল্যাণ গগৈ , উপসভাপতি ৰবি কছাৰী , শিক্ষাবিদ দুলাল দত্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ লয় ৷ জীয়াধল আঞ্চলিক ছাত্ৰ সন্হাৰ বিদায়ী সভাপতি সৌৰভজ্যোতি বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা মুকলিসভাৰ পিছতে অনুষ্ঠিত হয় বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান ৷ প্ৰায় ১০ সহস্ৰাধিক দৰ্শকৰ উপস্হিতিত আজিৰ পুৱতি নিশালৈ ভিন্নসুৰীয়া গীত মাতেৰে আপ্লুত কৰে জনপ্ৰিয় উদীয়মান গায়ক সান্নিধ্য ভূঞাই ৷ উল্লেখযোগ্য যে এই বাৰ্ষিক অধিবেশনতে তনুজ কছাৰীক সভাপতি আৰু ভাৰ্গৱজ্যোতি বৰুৱাক সম্পাদক হিচাপে লৈ জীয়াধল আঞ্চলিক ছাত্ৰ সন্হাৰ এখনি শক্তিশালী কাৰ্যনিৰ্বাহক গঠন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  ডিকেডি কলেজৰ NCCৰ ছাত্ৰ সকলৰ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে চাইকেলেৰে সজাগতা মূলক সমদল 
 
                      স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী। সগৌৰৱেৰে আকৌ এবাৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু...
                  
   ક્ષત્રિય કોળી પટેલ સમાજનો પ્રથમ સમૂહલગ્ન યોજાયો : કેબીનેટ મંત્રી કુંવરજી બાવળીયાએ નવયુગલોને આર્શીવાદ આપ્યા. 
 
                      ખંભાત તાલુકાના દહેડા વડગામ રોડ પાસે જનકલ્યાણ ચેરીટેબલ ટ્રસ્ટ દ્વારા ક્ષત્રિય કોળી પટેલ સમાજનો...
                  
   नयापुरा की बड़ी पुलिया से चम्बल नदी में छलांग लगाकर युवक ने किया सुसाइड, देखे पुरा मामला 
 
                      नयापुरा की बड़ी पुलिया से चम्बल नदी में छलांग लगाकर युवक ने किया सुसाइड, देखे पुरा मामला
                  
   વલભીપુર શહેરના પોલીસ સ્ટેશન ખાતે આઇ.પી.સી.366,376(2)(n)506(2) મુજબ ગુનો નોંધાયો હતો 
 
                      વલભીપુર શહેરના પોલીસ સ્ટેશન ખાતે આઇ.પી.સી.366,376(2)(n)506(2) મુજબ ગુનો નોંધાયો હતો
                  
   
  
  
  
  
   
   
  