চৰাইদেউৰ কৃষকক বীমা পলিচি বিতৰণ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
চৰাইদেউ জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত শস্য বীমা পলিচী বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ৷ উপায়ুক্ত পল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, জিলা কৃষি বিষয়া ৰবীন য়েইন, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কমিটিৰ সদস্য- সদস্যাৰ লগতে উপস্থিত থাকে বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু কৃষক হিতাধীকাৰীসকল৷
সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কৃষক হিতাধীকাৰীসকলৰ মাজত শস্য বীমা পলিচী বিতৰণ কৰে৷ লগতে সভাত কৃষকসকলক শস্য বীমাৰ দ্বাৰা তেঁওলোকৰ কৃষি সুৰক্ষিত কৰিবলৈ আহ্বান জনায় বিধায়ক আৰু উপায়ুক্তই৷ ইয়াৰ পাছতে উপায়ুক্ত পল বৰুৱাই 'ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান (NFSM)' আঁচনিৰ অধীনত চাৰিগৰাকী কৃষক হিতাধীকাৰীক পাম্পছেট প্ৰদান কৰে৷ লগতে তেওঁ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY) আঁচনিৰ অধীনত চাৰিগৰাকী মহিলা হিতাধীকাৰীক পিঠাখুন্দা মেচিন আৰু প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা (PMKSY )ৰ অধীনত ছগৰাকী হিতাধীকাৰীক প্ৰদান কৰে স্প্ৰিং কুলা