ধনশিৰি মহকুমাৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ 
সৰুপথাৰ মহাবিদ্যালয়ৰ নব নিযুক্ত অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰক আজি সৰুপথাৰ মহাবিদ্যালয়ত ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্যযোগ্য যে ড° প্ৰাপ্তি ঠাকুৰ সৰুপথাৰ মহাবিদ্যালয়ৰ  সপ্তম গৰাকী তথা তৃতীয় গৰাকী স্থায়ী অধ্যক্ষ লগতে প্ৰথম মহিলা অধ্যক্ষ। আজি  সৰুপথাৰ  মহাবিদ্যালয় প্ৰেক্ষাগৃহত  অনুষ্ঠিত কৰা বিশেষ  সৰ্ম্বধনা অনুষ্ঠানত  ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ সভাপতি মামুদ আলি, সম্পাদক অৱনী শৰ্মাৰ লগতে জ্যেষ্ঠ সাংবাদিক তথা সদস্য সকল উপস্থিত আছিল। উল্লেখ্য যে  ড° প্ৰাপ্তি ঠাকুৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকনৰ সহধৰ্মিণী।