বিধানসভা সমষ্টিৰ অন্তৰ্গত চপাই শালৈপাৰা - লংকাপুৰী অঞ্চলত যোৱা ১৬ জুনৰ পৰা হোৱা বানপানীত বিস্তৰ ক্ষতিগ্ৰস্ত হৈছিল যদিও চৰকাৰী বান সাহাৰ্য্যৰ নামত নামমাত্ৰ চাউল, দাইল, মিঠাতেল, নিমখ খিনিৰ বাহিৰে অইন কোনো সাহাৰ্য্য পোৱা নাছিল। আনকি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা শালৈপাৰা গাঁৱৰ কুলিবস্তি, ডোঙৰ পাৰ, কাউৰীঘাট, লংকাপুৰী গাঁৱৰ ৰাইজৰ কাষত কোনো বিশেষ দল- সংগঠনেও সাহাৰ্য্যৰ টোপোলা লৈ অহা নাছিল। বৰ্তমান পানী শুকাইছে যদিও বাট পথ বিধ্বস্ত হৈ আছে। শ্ৰমজীৱিয়ে দুবেলা দুমুঠিৰ বাবে হাহাঁকাৰ কৰিবলগীয়া হৈছে। কৃষি জীৱি সকল এতিয়াও পথাৰত নামিব পৰা নাই। এই বিষয়ে জানিব পাৰি আজি গুৱাহাটীৰ প্ৰেৰণা দ্য মিচন 'বস্ত্ৰ বেংক', নাগৰিক বিকাশ কেন্দ্ৰ (নাবিক) আৰু অগ্ৰণী মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে---, দৰং, অসম'ৰ উদ্যোগত শালৈপাৰাৰ কুলিবস্তি চুবাত নতুন আঠুৱা, বিচনা চাদৰ আৰু ব্যৱহাৰ যোগ্য কাপোৰ, ফেনাইল, ব্লিচিং পাউদাৰ, চিৰা আদি বিতৰণ কৰা হয়।

প্ৰেৰণাৰ সভাপতি পৰাগ বৰ্মণ, উপসভাপতি জ্যোতিৰ্ময় শৰ্মা, সম্পাদক বাণীব্ৰত দাস, কোষাধ্যক্ষ পুণম হাজৰিকা, নাবিকৰ সভাপতি বাবুল কাকতি, সদস্য বিক্ৰমজ্যোতি দাস আৰু মানুহে মানুহৰ বাবে দৰং, অসমৰ সদস্য হিমাংশু কুমাৰ দাস, জিতুমণি চহৰীয়া, জিতুমণি হাজৰিকা, তৃষ্ণা হাজৰিকা, জয়প্ৰকাশ শৰ্মা, ধ্ৰুৱজ্যোতি বৰা, কোষাধ্যক্ষ ৰাতুল ডেকা উপস্থিত থাকি স্থানীয় গাঁওবুঢ়া হিতেশ শৰ্মাৰ সহযোগত সুন্দৰভাৱে সামগ্ৰীখিনি বিতৰণ কৰে।

পলমকৈ হ'লেও চপাই শালৈপাৰাৰ বানত বিধ্বস্ত হোৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ বসবাস কৰা সকলক অলপ মৰম, অলপ সহায়, অলপ সাহস দিবলৈ আগবাঢ়ি অহা তিনিওটা স্বেচ্ছাসেৱী সংগঠনক ৰাইজে প্ৰশংসা কৰিছে।