দৰং জিলা সদৰ মঙলদৈত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি। পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷

অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চনৰ কাম কাজ সহজ আৰু ক্ষীপ্ৰতাৰে কৰাৰ উদ্দেশ্যে মুকলি কৰে এই পেঞ্চনাৰ সেৱা কেন্দ্ৰ। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সকলে গুৱাহাটীলৈ তাতবাতি নকৰাকৈ সহজেই ঘৰতে বহি লাভ কৰিব পেঞ্চন। 

মঙ্গলদৈ উপায়ুক্ত কাৰ্যালয়ত এক গাম্ভীৰ্যপূর্ণ অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ৰ চুইছ টিপি মুকলি কৰে এই সেৱা কেন্দ্ৰ। সভাত উপস্থিত থাকে মঙলদৈৰ বিধায়ক বসন্ত দাস, দলগাঁওৰ বিধায়ক মজিবৰ ৰহমান, কলাইগাঁওৰ বিধায়ক দুৰ্গা দাস বড়ো, দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, জিলা আৰক্ষী অধীক্ষক ৰাজ মোহন ৰয়ৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী। আজি অসমৰ ২৭ খন জিলাত এই সেৱা কেন্দ্ৰ মুকলি কৰে।