সোণাৰিত বিজেপিৰ যোগদান সমাৰোহ সম্পন্ন

আজি চৰাইদেউ জিলা বিজেপি মুখ্য কাৰ্যালয়ত জনতা যুৱমৰ্চাৰ চৰাইদেউ জিলা সভাপতি ৰুপম গগৈ পৌৰহিত্যত এখনি যোগদান সভা অনুষ্ঠিত হয় ।এই সভাতে সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ ওচৰত বিভিন্ন সংগঠনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচত জিলা সভাপতি লক্ষ্মীনাথ তাছা ডাঙৰীয়াৰ লগতে ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক নয়নজ্যোতি হাজৰিকা, ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ,এনজয় দে আৰু ৰাজ্যিক সদস্য সন্তোষ দে উপস্থিত থকাৰ উপৰিও চৰাইদেউ জিলা যুৱ মৰ্চাৰ সম্পাদক চিৰঞ্জীৱ মহন, সত্যজিত গোহাঁই সহ শতাধিক কাৰ্যকৰতা উপস্থিত থাকে।