অইলৰ অধ্যক্ষ ড০ ৰথৰ যোগদানৰ বিৰোধীতা তাই আহোম ছাত্ৰ সন্থাৰ 

দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডত ইতিমধ্যে যোগদান কৰিবলগীয়া অধ্যক্ষ ও পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথৰ যোগদানৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম তাই আহোম ছাত্ৰ সন্থাই। সংগঠনটোৱে আজি ড০ ৰথৰ যোগদানৰ বিৰোধীতাৰে দুলীয়াজানস্থিত অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বৃহৎ মানৱ শৃংখল কাৰ্যসূচীৰে বিক্ষোভ প্ৰদৰ্শন কৰে। দুঘণ্টীয়া এই মানৱ শৃংখল কাৰ্যসূচীত আজিৰ কাৰ্য্যসূচীত আটাছু কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই, উপ সভাপতি দেৱজিৎ গগৈ, সহ সম্পাদক তপন গগৈ, আটাছু ডিব্ৰুগড় জিলাৰ সভাপতি নিৰোত্তম ফুকন, সাধাৰণ সম্পাদক ৰূপম গগৈকে ধৰি দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি অৰূপ ফুকন, সাধাৰণ সম্পাদক ৰাজীৱ গগৈকে ধৰি উপস্থিত প্ৰতিবাদকাৰীয়ে ৰথৰ যোগদান কোনোপধ্যেই মানি লোৱা নহব বুলিও হুংকাৰ প্ৰদান কৰে। পুৱা প্ৰায় ১০-৩০ বজাৰ পৰা গ্ৰহণ কৰা এই কাৰ্যসূচীত স্থানীয় আৰক্ষী আৰু অইল কৰ্তৃপক্ষ উপস্থিত হৈ বিষয়টোৰ সন্দৰ্ভত প্ৰতিবাদ স্থলীতে এক আলোচনাত মিলিত হৈ প্ৰশাসনৰ জৰিয়তে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ‌ও প্ৰেৰণ কৰে। পত্ৰখনত উল্লেখ কৰা অনুসৰি অসমৰ খাৰুৱা তেল তথা তৈল সম্পদেৰে পৰিচালিত দেশৰ নৱৰত্ন উদ্যোগ ৰূপে খ্যাত অইল ইণ্ডিয়া লিমিটেডত অসমৰ সমাজ জীৱনৰ সৈতে সম্পৰ্ক থকা যোগ্য অসমীয়া ব্যক্তিক নিযুক্তি দিবলৈ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে বাৰম্বাৰ দাবী জনাই আহিছে। কিন্তু দুর্ভাগ্যজনক ভাৱে কেন্দ্রীয় চৰকাৰে অসমৰ আৱেগ অনুভূতি আৰু স্বাভিমানক ভৰিৰে মোহাৰি চৰম ৰাজনৈতিক উদ্দেশ্যে প্রণোদিত ভাৱে অসমৰ সমাজ জীৱনৰ সৈতে পৰিচিত নোহোৱা ব্যক্তিক নিযুক্তি দি আহিছে। অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ পদত বহু কেইজন যোগ্য অসমীয়া ব্যক্তি থকাৰ পিছতো সৌ সিদিনা কেন্দ্ৰীয় চৰকাৰৰ পাব্লিক এণ্টাৰপ্ৰাইজ চিলেচন বৰ্ডে ৰঞ্জিত ৰথ নামৰ এগৰাকী অসমৰ সমাজ জীৱনৰ সৈতে অপৰিচিত ব্যক্তিক নির্বাচিত কৰাটো দুৰ্ভাগ্যজনক । অসম আৰু অসমীয়াৰ কাৰণে এইয়া এক চূড়ান্ত অন্যায় আখ্যা দি সংগঠনটোৱে প্রধানমন্ত্ৰীক ৰঞ্জিত ৰথৰ নিযুক্তিৰ বাতিল কৰি যোগ্য অসমীয়া ব্যক্তিক অইলৰ শীৰ্ষ পদত নিযুক্তি দিবলৈ অনুৰোধ জনাইছে । অন্যথা ভাৰত চৰকাৰে বিষয়টোৰ সন্দৰ্ভত কোনো ব্যৱস্থা নললে আটাছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে গণতান্ত্ৰিক ভাৱে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি যোৱাৰো হুংকাৰ পত্ৰখনত প্ৰদান কৰিছে ।