চৰাইদেউত পোষণ মাহৰ শুভাৰম্ভ
চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত পোষন মাহ-২০২২ কাৰ্যসূচী ৰূপায়ন কৰা বাবে গাম্ভীৰ্য পূৰ্ণ এক শুভ উদ্বোধনী অনুষ্ঠান আজি চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সমাজ কল্যাণ বিষয়া জাহ্নবী গোশ্ৱামী উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ দিয়ে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত পল বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমানে। সভাত জনসংযোগ বিষয়া ছায়েদা হাছনাহানা, দ্বীপেন বৰুৱা প্ৰমূখ্য কৰি সংহত শিশু প্ৰকল্প বিষয়া আৰু বিভিন্ন জন প্ৰতিনিধি সকল উপস্থিত থাকে।