সোণাৰিত পোষণ মাহৰ শুভাৰম্ভ।

চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত পোষন মাহ-২০২২ কাৰ্যসূচী ৰূপায়ন কৰা বাবে আজি শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠানটো। সমাজ কল্যাণ বিষয়া জাহ্নবী গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমানকে প্ৰমূখ্য কৰি সংহত শিশু প্ৰকল্প বিষয়া আৰু বিশিষ্ট অতিথি সকল।