ঢকুৱাখনাত ৩৫বছৰে অচল জলসিঞ্চন বিভাগৰ প্ৰকল্পত ,সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ নেতৃত্বত যোৱা আছুৰ এটা সঁজাতি দলৰ পৰিদৰ্শন।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

ঢকুৱাখনা উন্নয়ন খণ্ড অন্তৰ্গত হাৰ্হি পঞ্চায়তত অৱস্থিত জলসিঞ্চন বিভাগৰ কোটি টকীয়া প্ৰকল্পটো স্থাপনৰ দিনৰে পৰা আজিলৈকে কাৰ্য্যকৰি হৈ নুঠিল।

এই সম্পৰ্ক বাতৰি পৰিবেশন কৰা পিছত সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক জ্ঞানদ্বীপ বড়া নেতৃত্ব যোৱা আছু এটা সঁজাতি দলে প্ৰকল্পটো পৰিদৰ্শন কৰি বিস্ফোৰক মন্তব্য আগ বঢ়াই।এই বৃহৎ প্ৰকল্পটো আজিও কার্যক্ষম নহল, কাৰ নেতৃত্ব আজিও এই কামটো  সফল ৰূপায়ণ নহল তাৰ প্ৰশাসনিক তদন্তৰ দাবী জনোৱা লগতে অতি সোনকালে বিভাগীয় মহোদয়লৈ  প্ৰকল্পটোৰ স্থায়ী সমাধানৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।