সংবাদদাতা, মাৰ্ঘেৰিটাঃ- অষ্ট্ৰেলিয়াৰ প্ৰবাসী অসমীয়াই নেতৃত্বত অসমৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ বাবে সহায়ৰ হাত। ২০১৯ বৰ্ষত স্থাপিত হোৱা হেল্পিং হেণ্ড - উই কেয়াৰ, তিনিচুকীয়া জিলাৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান। বিগত ৩ বছৰৰ ধৰি হেল্পিং হেণ্ড - উই কেয়াৰে বিভিন্ন সামাজিক গঠনমুলক কাম-কাজ কৰাৰ লগতে বিভিন্ন সময়ত বহুতো লোকক সহায়ৰ হাত প্ৰদান কৰি আহিছে। হেল্পিং হেণ্ড - উই কেয়াৰৰ প্ৰতিষ্ঠাপক বৰ্তমান অষ্ট্ৰেলিয়াৰ নিৱাসী আৰু তিনিচুকীয়া জিয়ৰী মমী চৈয়দ। ২০১৯ বৰ্ষত মমী চৈয়দে নিজৰ স্কুলীয়া কেইগৰাকীমান বান্ধৱীৰ সহায়ত এটি সামাজিক গ্ৰুপ, হেল্পিং হেণ্ড - উই কেয়াৰৰ গঠন কৰিছিল। তেতিয়াই গ্ৰুপৰ কাম-কাজ সমূহ সুচাৰু ৰূপে আগবঢ়াই নিবলৈ মমীৰ স্কুলীয়া বান্ধৱী সমূহ আগবঢ়ি আহে। বৰ্তমান হেল্পিং হেণ্ড - উই কেয়াৰ গ্ৰুপ অসমৰ বিভিন্ন জেগাৰ ৮০ গৰাকী মহিলা সদস্যাৰে সমৃদ্ধ। হেল্পিং হেণ্ড - উই কেয়াৰে সমাজৰ অভাৱগ্ৰস্থ শ্ৰেণীৰ শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত আৰু নাৰী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আহিছে। অৰ্থনৈতিক কাৰণত শিক্ষা আধৰুৱা হৈ ৰোৱা ছাত্ৰ-ছাত্ৰী সকলকৰ পুনৰ এডমিচন, আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ মাজত শিক্ষামুলক বিভিন্ন সামগ্ৰী যেনে - কিতাপ, বহী, কলম-পেঞ্চিল আদিকে ধৰি বিভিন্ন জৰুৰী সামগ্ৰী বিতৰণ কৰা, অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰী সকলৰ বাবে বিনামুলীয়া অনলাইন ক’চিং আদিকে কৰি হেল্পিং হেণ্ড - উই কেয়াৰে বিভিন্ন আচঁনি ৰুপায়ণ কৰি আহিছে। হেল্পিং হেণ্ড - উই কেয়াৰৰ সৌজ্যনত বিভিন্ন বিদ্যালয়সমূহত আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন ধৰণৰ জৰুৰী শিক্ষামুলক সামগ্ৰী প্ৰদান কৰি অহা হৈছে। আজি এই আচঁনিৰ অন্তৰ্গত, হেল্পিং হেণ্ডৰ চাৰিজনীয়া এটি টীম, ক্ৰমে - বৰ্ণালী ঠাকুৰ, মৌছুমী গগৈ বেৰিয়া পুৰৱী শইকীয়া আৰু সুলেখা গগৈয়ে, মাৰ্ঘেৰিটাৰ আৰ্দশ বিদ্যা মন্দিৰত কিছু জৰুৰী শিক্ষামুলক সামগ্ৰী যেনে - বহী, কলম-পেঞ্চিল আদি প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ বহিবলৈ বাবে কিছু বেঞ্চ/ডেস্ক আদি প্ৰদান কৰিবলৈ আগবাঢ়ি আহে। হেল্পিং হেণ্ড - উই কেয়াৰৰ এনে মহৎ পদক্ষেপক বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰী সকলে আদৰণি জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અકસ્માત માં બે લોકોના ઘટના સ્થળે નિપજ્યા મોત.
ધાનેરા તાલુકાના ઉમેદપુરા ગામ નજીક થયો અકસ્માત
ઇક્કો ગાડી અને આઇસર ટ્રક વચ્ચે થયો અકસ્માત ...
Delhi Water Crisis: राजधानी दिल्ली में प्रचंड गर्मी के बीच हुई पानी की किल्लत, BJP-AAP आए आमने-सामने
Delhi Water Crisis: राजधानी दिल्ली में प्रचंड गर्मी के बीच हुई पानी की किल्लत, BJP-AAP आए आमने-सामने
Breaking News: फ्लाइट में बम की झूठी खबर देने के खिलाफ एक्शन, 10 सोशल मीडिया हैंडल्स ब्लॉक | Aaj Tak
Breaking News: फ्लाइट में बम की झूठी खबर देने के खिलाफ एक्शन, 10 सोशल मीडिया हैंडल्स ब्लॉक | Aaj Tak
જાણો તમારી ચંદ્ર રાશિ ઉપર રાહુ ગ્રહ નું ગોચર ઉત્રભદ્રપદ નક્ષત્ર એસ્ટ્રોલોજર સોનલ શુક્લા દ્વારા
જાણો તમારી ચંદ્ર રાશિ ઉપર રાહુ ગ્રહ નું ગોચર ઉત્રભદ્રપદ નક્ષત્ર એસ્ટ્રોલોજર સોનલ શુક્લા...
आसामके सांसद और नवीदिल्ली अखिल भारतीय आदिवासी विकास परिषद टीम पहुंची सिरोही जिलाकलेक्टर से मुलाकातकी
आसामके सांसद और नवीदिल्ली अखिल भारतीय आदिवासी विकास परिषद टीम पहुंची सिरोही जिलाकलेक्टर से मुलाकातकी