নতুন দিল্লী, ৩১ আগষ্ট। কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি এই দুসময়ত ছোনিয়াৰ সমগ্ৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ইফালে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও টুইট কৰি কয় যে ছোনিয়া গান্ধীৰ মাতৃ পাওলা মাইনোৰ শনিবাৰে ইটালীত তেওঁৰ বাসগৃহত শেষ নিশ্বাস ত্য়াগ কৰে। তেওঁৰ মাতৃ যোৱা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল।

উল্লেখ্য় যে ছোনিয়া গান্ধী বৰ্তমান পুত্ৰ ৰাহুল আৰু কন্যা প্ৰিয়ংকাৰ সৈতে চিকিৎসাৰ বাবে বিদেশত আছে।