গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী তথা ধূপধৰাৰ আঠিয়াবাৰীত বুধবাৰে এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰে ৷ ধূপধৰা থানাৰ অন্তৰ্গত আঠিয়াবাৰীৰ দেওশিলা নদীৰ পানীত ওপঙি থকা অৱস্থাত এগৰাকী কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃতদেহটো বিষ্ণুপ্ৰসাদ হাজোৱাৰী (১৮) নামৰ স্থানীয় এগৰাকী কিশোৰৰ বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰামতে বিষ্ণুপ্ৰসাদ হাজোৱাৰীয়ে বুধবাৰে পুৱা আঠিয়াবাৰী গাঁৱৰ দেওশিলা নদীত বৰশী বাবলৈ গৈছিল ৷ কিন্তু বহুসময় ধৰি কিশোৰগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে সন্ধান চলায় আৰু অৱশেষত স্থানীয়লোকে দেওশিলা নৈৰ পানীত বিষ্ণুপ্ৰসাদ হাজোৱাৰীৰ মৃতদেহ ওপঙি থকা প্ৰত্যক্ষ কৰে আৰু আৰক্ষীক খবৰ দিয়ে ৷ পিচত ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷ কিশোৰগৰাকীৰ কিদৰে মৃত্যু হ’ল সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ অৱশ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Kisan Yojana: 2 करोड़ किसान इस बार रह जाएंगे 13वीं किस्त से वंचित, नियमों में हुआ बदलाव
PM Kisan Yojana 2023: अगर आप भी प्रधानमंत्री किसान सम्मान निधि (PM Kisan nidhi)के...
સિદ્ધિ વિનાયક નોલેજ ફાઉન્ડેશન વઢવાણ દ્વારા વૃક્ષારોપણ કરાયુ
વઢવાણ: શ્રી સિધ્ધી વિનાયક નોલેજ ફાઉન્ડેશન વઢવાણ દ્વારા 3 દીવસ ઘેર ઘેર જઈને વૃક્ષારોપણ નો...
গণেশ চতুৰ্থী উপলক্ষে পুৱাৰ পৰা খানাপাৰা গণেশ মন্দিৰত দেখা গল ভক্তৰ ভিৰ ।
গণেশ চতুৰ্থী উপলক্ষে পুৱাৰ পৰা খানাপাৰা গণেশ মন্দিৰত দেখা গল ভক্তৰ ভিৰ ।