শিৱসাগৰঃ শিৱসাগৰ সূৰুযমুখী সন্মিলিত শিল্পী সমাজৰ উদ্যোগত, শৈৱ নাৰী শক্তি অসম , জয়া দলং মহিলা সমাজ, ইত্যাদি উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ সহযোগত আৰু জিলাবাসী ৰাইজৰ আতিথ্যত শিৱসাগৰ নগৰৰ শংকৰ মন্দিৰস্থিত শ্ৰীশ্ৰী শংকৰ দেৱ সমাজ নামঘৰ প্ৰাঙ্গণত ২৫ আৰু ২৬ মে’ত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা দিহানাম প্ৰতিযোগিতা আৰু আলোচনাচক্ৰৰ সফল সামৰণি পৰে ৷ দিহানাম প্ৰতিযোগিতাত "মণিকাঞ্চন দিহানাম দল গৌৰীসাগৰ" এ প্ৰথম স্থান , "নৱৰূপা দিহানাম দল গুৱাহাটী" এ দ্বিতীয় আৰু "ভক্তিপ্ৰাণ দিহানাম দল লক্ষীমপুৰ" এ তৃতীয় স্থান অধিকাৰ কৰে ৷ উল্লেখযোগ্য যে, অনুষ্ঠানৰ লগত সংগতি ৰাখি দিহানামৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত অনুষ্ঠিত হোৱা আলোচনাচক্ৰখনি উদ্বোধন কৰে কৃষ্ণ-সূৰ্য্য নাম সমাজৰ সম্পাদক দিলীপ চাংমাইয়ে ৷ লগতে সঞ্চালক হিচাপে উপস্থিত থাকে শিৱসাগৰৰ বীৰ লাচিত কলেজৰ অধ্যাপক শান্তনু বুঢ়াগোহাঁই ৷ আনহাতে আলোচক হিচাপে উপস্থিত থাকে ক্ৰমে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যাপক প্ৰাঞ্জল প্ৰতীম বৰা, অসম মহিলা বিশ্ববিদ্যালয়ৰ মৌচুমী মহন্ত গোস্বামী, শিৱসাগৰ জিলা দিহানাম সংৰক্ষণ সমিতিৰ সভাপতি অজয় বৰুৱা আদি ৷