গোলাঘাট জিলাৰ পূব উন্নয়ন খণ্ডৰ অধীনৰ হাতীচুকীয়া গাঁৱৰ এজন লোকৰ ঘৰৰ গাহৰি ফাৰ্মত হোৱা গাহৰিৰ অস্বাভাৱিক মৃত্যু আফ্ৰিকান ছোৱাইন ফিভাৰৰ ঘটনা বুলি নিশ্চিত হোৱাৰ পিছতেই গোলাঘাটৰ অতিৰিক্ত জিলা দণ্ডাধীশে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে । অসম চৰকাৰে এক নিৰ্দেশনা যোগে ইতিমধ্যে গাঁওখনক আফ্ৰিকান ছোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই ৰোগ যাতে অন্য ঠাইলৈ বিয়পিব নোৱাৰে তাৰ বাবে গাঁওখনৰ ১ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে । তদুপৰি হাতীচুকীয়া গাঁও ( সংক্ৰমিত এলেকা) ৰ পৰা অসংক্ৰমিত এলেকালৈ গাহৰি, গাহৰিৰ মাংস, গাহৰিৰ দানা আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ আদান-প্ৰদান নিষিদ্ধ কৰা হৈছে । গাহৰিক পেলনীয়া সামগ্ৰী খুওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । জৰুৰীভাবে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Flipkart पर टीज हुआ CMF Phone 1 स्मार्टफोन, डिजाइन के साथ-साथ फीचर भी होंगे यूनीक
Nothing का सब-ब्रांड CMF जल्द नया स्मार्टफोन लॉन्च करने की तैयारी में है। कंपनी अपने अपकमिंग...
Manipur: डिफ्यूज करते वक्त फट गया बम, घायल हुआ असम राइफल्स का जवान
मणिपुर के विष्णुपुर जिले में एक बड़ी घटना घटी है। एक बम को निष्क्रिय करते वक्त असम राइफल्स का...
সোণাৰি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোঁহাই প্ৰয়াত
সোণাৰি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোঁহাই প্ৰয়াত
દૂધસાગર ડેરીના ચેરમેને કહ્યું, 'અમે સરકારના સમર્થનમાં છીએ, વિપુલના નહીં,' મોઘજી ચૌધરી બોલ્યા- 'અશોક ચૌધરીએ ડેરીઓમાં પ્રેશર આપી પબ્લિક ભેગી કરી'
પૂર્વ ગૃહમંત્રી અને દૂધસાગર ડેરીના પૂર્વ ચેરમેન વિપુલ ચૌધરીની ધરપકડ બાદ ઉત્તર ગુજરાતના રાજકારણમાં...