তামিলনাডুৰ এটা মন্দিৰত অসমৰ জয়মালা নামৰ হাতীজনীক নিৰ্মম অত্যাচাৰ কৰা দৃশ্য দেখি শোকত ভাগি পৰিছে হাতীজনীৰ গৃহস্থ ।

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কাঁচিজান গাঁৱৰ পৰা ২০০৮ চনতে বহি:ৰাজ্যলৈ তিনিমাহৰ বাবে লৈ গৈছিল জয়মালা নামৰ হাতীজনী ।

সেই সময়ত হাতীজনীক পোহ-পাল দিবলৈ অপাৰগ হোৱাৰ বাবেই হাতীজনীক লীজত দিয়াৰ কথা সাংবাদিকৰ আগত অৱগত কৰিছে গৃহস্থ‌ই ।

তামিলনাডুৰ এটা মন্দিৰত হাতীজনীক নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি শোকত ভাগি পৰাৰ লগতে অতিশীঘ্ৰে  চৰকাৰক হাতীজনী উদ্ধাৰৰ দাবী জনাইছে হাতীজনীৰ গৃহস্থই ।