যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন।

আজি চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত সোণাৰি আৰু মাহমৰা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত ৬২ তম সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। সোণাৰি ৰাজীৱ ভৱনৰ প্ৰাংগণত এই উপলক্ষে পতাকা উত্তোলন কৰাৰ পিছত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ৰোগী সকলৰ মাজত ফল মূল বিতৰণ কৰা হয় ।