শিৱসাগৰৰ গৌৰীসাগৰত নিশা সোপাধৰাৰ সন্দেহত উত্তপ্ত পৰিস্থিতি ।

শিৱসাগৰৰ গৌৰীসাগৰত নিশা সোপাধৰাৰ সন্দেহত উত্তপ্ত পৰিস্থিতি । দিখৌমুখ তেলিয়াডোঙাত সোপাধৰা সন্দেহত নিশা সৃষ্টি হয় এই পৰিস্হিতি । সোপাধৰা সন্দেহত এজন ব্যক্তিক গুৰুলা- গুৰুলকৈ প্ৰহাৰ একাংশ লোকৰ। ঘটনাত চাৰিজনকৈ আৰক্ষীলোক আহত যোৱা তিনিদিন ধৰি তেলিয়াডোঙা অঞ্চলত সোপাধৰাৰ আতংক সৃষ্টি হৈ আহিছিল। যোৱা নিশা সন্দেহজনকভাৱে অচিনাকি ব্যক্তিজনে চলা-ফুৰা কৰি আহিছিল অচিনাকি ব্যক্তিজনক পৰিচয় সোধোতেই দৌৰাত একাংশ লোকে মাৰধৰ কৰে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত গৌৰীসাগৰ আৰক্ষী উপস্থিত হয় যদিও আৰক্ষী লোককো একাংশ লোকে প্ৰহাৰ কৰে। গৌৰীসাগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী প্ৰায় ৫০০ মিটাৰ খোজ কাঢ়ি উন্মত্ত লোকৰ পৰা পলায়ণ কৰে। ব্যক্তিজন বিহাৰৰ সুনীল কুমাৰ বুলি চিনাক্ত কৰা হয় ।বৰ্তমান ব্যক্তিজন শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। পিছত শিৱসাগৰৰ উচ্চপদস্থ বিষয়াসহ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উন্মত্ত লোকৰ পৰা অচিনাকি ব্যক্তিজনক উদ্ধাৰ কৰে।