অসম-অৰুনাচল সীমান্তৰ বিবাদমান ভূমি সমাধানৰ দিশে, চৰকাৰৰ সিন্ধান্তৰ বিৰোধিতা সীমান্তত বসবাস কৰা জনতাৰ

অসম-অৰুনাচলৰ সীমান্তৱৰ্তী বিবাদমান অঞ্চলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ আলোচনাৰ পিছতেই অনিশ্চয়তাত দিন পাৰ কৰিছে এতিয়া সীমান্তত থকা অসমীয়া পৰিয়াল সমূহে। উল্লেখ্য যে চৰকাৰে লোৱা এনে সিন্ধান্তৰ বাবে অৰুণাচলৰ কিছু গাওঁ অন্তৰ্ভুক্ত হব অসমত আৰু অসমৰ কিছু গাও অন্তৰ্ভুক্ত হব অৰুণাচলত। যাৰ পৰিপ্ৰেক্ষিতত দশক দশক ধৰি অসম-অৰুনাচল সীমান্তৰ ভূমি বিবাদক লৈ দীৰ্ঘদিনে চলা টনা-আজোঁৰাৰ অৱসান ঘটিব। পৰিবৰ্তন হ'ব অসম-অৰুনাচল প্ৰদেশৰ নতুন মানচিত্ৰ। সেই অনুসৰি চিচিবৰগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত অসম-অৰুনাচল সীমান্তবৰ্তী এলেকা মালোনিপুৰ গাওঁ পঞ্চায়তৰ লিকাবালিৰ মাদুৰিপথাৰ, আদিপথাৰ, ঘাঘৰা, জীপুগাওঁ বসবাস কৰা প্ৰায় ২০০ পৰিয়াল অসমত অন্তৰ্ভুক্ত হব । ভৌগোলিক ভাবে পৰিয়াল কেইটা অসমত আছে যদিও অৰুণাচলৰ ভোটাৰ তালিকা নাম সনিবিষ্ট আছে তেওঁলোকৰ। ডিমৌ পালে আঞ্চল অন্তৰ্ভুক্ত হ'ব অৰুণাচলত। সীমান্তৰ এই অঞ্চলসমূহৰ পৰা দুয়োখন চৰকাৰে খাজনা লোৱা ব্যৱস্তা দুটা বছৰৰ পৰা বন্ধ ৰখা হৈছে । কিন্তু চৰকাৰৰ এনে সিন্ধান্তৰ বিপৰীত মেৰুত থিয় দিছে এতিয়া সীমান্তৰজনতাই । কোনো কাৰতত অৰুণাচলত অন্তৰ্ভুক্ত হব বিচৰা নাই সীমান্তৰ পৰিয়াল সমূহে । মুখ্যমন্ত্ৰীয়ে যদি আমাক বিক্ৰীহে কৰি দিছে আমি ফুট ফাতত থাকিম তথাপি অৰুণাচল ৰ লগত যাব নিবিচাৰৰো। এয়াই এতিয়া সীমান্তত থকা অসমীয়া পৰিয়ালৰ ভাষ্য। এতিয়া চৰকাৰে সেই সকলৰ আৰ্তনাদ কেনে দৰে শুনিব সেয়া হ'ব লক্ষ্যনীয়।