মথুৰাপুৰৰ এখন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হ'ল কিয়।

মথুৰাপুৰ মণিয়াহোলা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।

শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে।

চৰাইদেউ জিলাৰ মথুৰাপুৰস্থিত মণিয়াহোলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয় খনৰ এটা শ্ৰেণীকোঠাত অবৈধ ভাৱে আশ্ৰয় লবলৈ সুবিধা কৰি দিছে এটা পৰিয়ালক। যাৰ ফলত বিদ্যালয়খনত আশ্ৰয় গ্ৰহণ কৰা ফেৰিৱালা পৰিয়ালটোৱে বিদ্যালয়খনত প্লাষ্টিক তথা খালী মদৰ বটল মজুত কৰি ব্যৱসায় আৰম্ভ কৰিছে। এই সন্দৰ্ভত স্থানীয় ৰাইজে জানিব পাৰি আজি বিদ্যালয়খনত উপস্থিত হয় আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰধান শিক্ষক গৰাকীৰ পৰা জানিব বিচৰাত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। ইফালে পৰিস্থিতি উত্তপ্ত হৈ পৰাত মথুৰাপুৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও এনেদৰে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে।