আলফাৰ চাৰ্জেন্ত মেজৰ ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ ৰাজহুৱা আদ্যশ্রাদ্ধ সম্পন্ন দেশ আৰু জাতিৰ বাবে আত্ম বলিদান দিয়া ধলা হাঁহখাটি মালভোগ গাওঁৰ অচিন্ত মৰাণ ওৰফে ইয়াংখু অসমৰ মঙ্গলবাৰে ৰাজহুৱা আদ্যশ্রাদ্ধ সম্পন্ন হৈ যায়। মালভোগ ৰাজহুৱা খেলপথাৰৰ প্ৰাংগনত আজি মৰাণ সমাজৰ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে আলফা সদস্য গৰাকীৰ আদ্যশ্রাদ্ধ আয়োজন কৰা হয়। আলফা (স্বা) সদস্য গৰাকীৰ ৰাজহুৱাকৈ আয়োজন কৰা আদ্যশ্ৰাদ্ধত অজস্ৰ লোকৰ সমাৱেশ ঘটে।উল্লেখ্য যে যোৱা ৯ আগষ্ট ২০২২ তাৰিখে অৰুণাচল প্ৰদেশৰ ভাৰত ম্যানমাৰ সীমান্তৰ পাংচুপাচত আলফা(স্বা) আৰু NSCN/GPRN ৰ যৌথ সামৰিক অভিযানত আছাম ৰাইফলচৰ সৈতে হোৱা সংঘৰ্ষত গুলিবৃদ্ধ হৈছিল আলফাৰ চাৰ্জেণ্টে মেজৰ অচিন্ত মৰাণ ওৰফে ইয়াংখু অসম আৰু যোৱা ২৫ আগষ্ট তাৰিখে পোৱাৰ ভাগত মৃত্যু হোৱা বুলি আলফা (স্বা) ৰ বিগ্ৰেদিয়াৰ অৰুণোদয় অসম স্বাক্ষৰিত প্ৰেছ বৃবিতিৰ জৰিয়তে জানিবলৈ দিছিল। উল্লেখ্য যে ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ মৃত্যুৰ সংবাদ লাভ কৰাৰ পিছত আলফা (স্বা) সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়ালৈ শৱ দেহ বিচাৰি পৰিয়াল বৰ্গই আহ্বান জনাইছিল যদিও মৃত দেহ ঘৰলৈ ওভতাই পথোৱাটো সম্ভৱ নহয় বুলি পৰিয়ালক অৱগত কৰাত ইয়াংখু অসম ওৰফে অচিন্ত মৰাণৰ পূত্তলিকা নিৰ্মাণ কৰি সৎকাৰ কৰিছিল গাওঁবাসীয়ে আৰু মংগল বাৰে ৰাজহুৱা ভাৱে আদ্যশ্ৰাদ্ধ আয়োজন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BS3 या BS4, कौन सा एमीशन स्टैंडर्ड फॉलो करती है आपकी कार? 20 हजार का चालान कटने से पहले जान लीजिए
BS3 और BS4 का मतलब भारत स्टेज 3 और भारत स्टेज 4 उत्सर्जन मानक हैं। इन्हें सरकार द्वारा नाइट्रोजन...
Hero Mavrick 440 vs Harley-Davidson X440: कीमत और स्पेसिफिकेशन के मामले में किसका पलड़ा भारी? जानिए डिटेल्स
दोनों मोटरसाइकिलें समान 440 सीसी एयर-ऑयल कूल्ड इंजन का उपयोग करती हैं जो 6000 आरपीएम पर 27 बीएचपी...
पैनगंगेत दोन युवकांच्या पोहण्यासाठी उड्या; एक जण बेपत्ता...अमडापूर पोलीसांची शोधमोहीम सुरू
महाराष्ट्र खबर हा महाराष्ट्रातील मराठी न्यूज चॅनल आहे.1 जानेवारी 2020 पासून पुणे इथून...