চৰাইদেউ জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ত আজি সৃষ্টি হল উত্তপ্ত পৰিস্থিতি
মথুৰাপুৰ মনিয়াহোলা প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্টঃ প্ৰধান শিক্ষক বিৰুদ্ধে বিদ্যালয় চৌহদত অবৈধ ভাৱে মানুহ ৰখা অভিযোগ ৷
শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ চৰাইদেউ জিলা মথুৰাপুৰ এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে৷ সোনাৰি শিক্ষা খণ্ডৰ অধীনস্থ মথুৰাপুৰ মনিয়াহোলা প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক আতিকুৰ ৰহমানে বিদ্যালয় শ্ৰেণী কোঠাত এটা পৰিয়ালক অবৈধভাৱে আশ্ৰয় দিয়া লগতে খালী মদ বটল জমা কৰি ব্যৱসায় কৰিবলৈ দিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। প্ৰধান শিক্ষক গৰাকীয়ে পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজৰ অজ্ঞতে কামৰূপ জিলা এগৰাকী ফেৰিৱালাক বিদ্যালয় শ্ৰেণী কোঠাত আবদ্ধ কৰি আশ্ৰয় দিয়া অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে ৷আজি বিদ্যালয়ত অভিভাৱক সহ স্থানীয় ৰাইজে বিদ্যালয় উপস্থিত হৈ প্ৰধান শিক্ষক গৰাকীৰ এই বিষয়ে জানিব বিচৰাত দুয়ো পক্ষৰ মাজত এক হুলস্থূলিয়া পৰিস্থিতি সৃষ্টি হয় ৷ পিছত ঘটনাস্থলীত মথুৰাপুৰ আৰক্ষী এটি দল উপস্থিত হৈ প্ৰধান শিক্ষকগৰাকী লগতে আশ্ৰয় লৈ থকা পৰিয়ালক থানালৈ আনে ৷ পিছত মথুৰাপুৰ আৰক্ষীয়ে দুয়োটা পক্ষৰ মাজত আলোচনা মাধ্যমে বিষয়টো সমাধান চেষ্টা চলায় যদিও ক্ষুব্ধ ৰাইজে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে সোনাৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়ালৈ এক লিখিত অভিযোগ চি আৰা চিৰ জৰিয়তে প্ৰেৰণ কৰি শিক্ষক গৰাকী বিহিত ব্যৱস্থা ল’বলৈ দাবী জনায় ৷