টীয়কৰ জাঁজীমুখ পঞ্চয়তৰ বিভিন্ন আভিযোগ লগত লৈ ক্ষুভিত একাংশ গাঁওবাসীয়ে স্মাৰক পত্ৰ দিলে খণ্ড উন্নয়ন বিষয়াক

সমস্যা সামাধান নকৰিলে পঞ্চায়ত কাৰ্যালয়ত তলা ওলমোৱাৰ হুংকাৰ

চৰকাৰে যিমানেই দৰিদ্ৰ হিতাধিকাৰীৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰিছে ৷ যি সময়ত ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰৰ সুবিধা হোৱাকৈ গ্ৰামোন্নয়ন নামৰ এটা বিভাগেই আছে তেনে সময়তো প্ৰকৃততে গ্ৰাম্যঞ্চলৰ প্ৰকৃত উন্নয়ন কিমান হৈছে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

   আজি আমি চৰ্চালৈ আনিছো এটা বিশেষ পঞ্চায়ত সেয়া হ’ল ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ কলিয়াপানী উন্নয়ন খণ্ডৰ অধিনৰ ৮ নং জাঁজীমুখ পঞ্চায়ত ৷ বিগত প্ৰায় দুটা মাহ অসমৰ সংবাদ মাধ্যমৰত বিশেষ চৰ্চাত আছে এই বিশেষ পঞ্চায়তটো ৷ এম. জি.এমৰেগা (MGNRGA)১ ৰ ৰূপায়ণৰ পৰ্বত সম দুৰ্নীতি ৷ প্ৰধানমন্ত্ৰী আবাসগৃহ প্ৰদান, জলজীৱন মিচনৰ বিভিন্ন দুৰ্নীতিৰ বাবে চৰ্চাত থকা এই নৈ পৰীয়া অঞ্চলতো তথা পঞ্চায়তো একাংশ বিষয়া তথা ঠিকাদৰৰ বাবে যেন সোনৰ কণী পৰা হাঁহলৈ পৰ্যবসিত হৈছে ৷ আজি পঞ্চায়তটোৰ গড়খাৱৈ তপতপি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক লোকে কোনোধৰনৰ চৰকাৰী আঁচনি যেনে অৰুণোদয়, প্ৰধানমন্ত্ৰী আবাস গৃহ, বৃদ্ধ পেঞ্চন, উজ্বলা যোজনা, বিশুদ্ধ খোৱা পানী, কৃষকৰ বিভিন্ন আঁচনিবোৰৰ পৰা সম্পূৰ্ণ বঞ্চিত হোৱাৰ এক গুৰুতৰ অভিযোগ আনি কলিয়াপানী খণ্ড উন্নয়ন বিষয়া গৰাকীক লগধৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ খণ্ড উন্নয়ন বিষয়াই সমস্যা সামাধানৰ আশ্বাস দিয়ে যদিও কোনো কৰনত যদি এই সমস্যা সামাধান নকৰে তেন্তে অনাগত সময়ত জাঁজীমুখ পঞ্চায়তৰ লগতে কলিয়াপানী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত তলা ওলমাই দিয়াৰ হুংকাৰ প্ৰদান কৰে ক্ষুভিত ৰাইজে ৷