কেবিনেটত স্বাস্থ্য আৰু শিক্ষাৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক সংবাদ মেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰি কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰনোজ পেগুয়ে। এতিয়াৰে পৰা তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অংক আৰু বিজ্ঞান ইংৰাজী ভাষাত পাঠদান হ’ব। ঐতিহ্যমণ্ডিত ছোৱালী বিদ্যালয়ৰ বাহিৰে সকলো মাধ্যমিক পৰ্যায়ৰ ছোৱালী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত। অংগনবাড়ীৰ ২টা শ্ৰেণী আৰু প্ৰাথমিক শ্ৰেণীত থকা ৩টা শ্ৰেণী মাতৃভাষাত পাঠদান কৰা হ’ব। মাধ্যমিক পৰ্যায়ত ৫+১ বিষয় থাকে, সমাজ অধ্যয়ন বিষয়টো মাধ্যমিক শিক্ষাৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব। তাৰ ঠাইত ভূগোল আৰু বুৰঞ্জী সন্নিৱিষ্ট কৰা হ’ব।ব্যক্তিগত বিদ্যালয়ৰ বাবে মাচুল নিয়ন্ত্ৰক ব্যৱস্থা এটা আছে। ১৮০০ খন বিদ্যালয়ে পঞ্জীয়ণ কৰিছে আৰু বাকীবোৰে কৰা নাই। সময়মতে নকৰিলে ১০ হাজাৰ টকা জৰিমণা আৰু পলমকৈ কৰিলে ৫০০০ টকা ধাৰ্য কৰা হৈছে। এতিয়াৰে পৰা OBC চাৰ্টিফিকেট আসাম মৰাণ সভাই দিব পাৰিব। এতিয়াৰে পৰা জলাহ গোষ্ঠীক OBC প্ৰমাণ পত্ৰ দিয়াহ’ব। জলাহ জনগোষ্ঠীটো চাহ বাগানৰ সৈতে জড়িত হৈ আছিল আৰু MOBC হিচাপে চিনাক্ত হৈ আহিছিল।মৰিগাঁও মেডিকেল কলেজৰ বাবে ১৪৭ কোটি টকা অতিৰিক্তভাৱে ধাৰ্য।গোলাঘাট মেডিকেল কলেজৰ বাবে ১৪৮ কোটিতকৈ বেছি টকা অতিৰিক্তভাৱে ধাৰ্য।প্ৰত্যেকখন নিৰ্মীয়মান মেডিকেল কলেজ অধিক আধুনিক কৰাৰ বাবে এই পদক্ষেপ। ৫ আগষ্ট দিনটো লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত লোককল্যাণ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত কেবিনেটত। অসমৰ ববে নতুন পৰ্যটন পলিচি গ্ৰহণ কৰা হৈছে। দীৰ্ঘম্যাদী উন্নয়নৰ ওপৰত লক্ষ্য ৰাখি নতুন পৰ্যটন নীতি গ্ৰহণ কৰা হ’ল। চাহ বাগানসমূহত পৰ্যটন বঢ়োৱাৰ বাবে ৫০ খন বাগানৰ বাংলো ইত্যাদিৰ উন্নয়নৰ বাবে ২ কোটি টকাকৈ সৰ্বাধিক ১০০ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত কেবিনেটৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जोशीमठ के बाद कर्णप्रयाग में घर में दरारों से दहशत, घर छोड़ने पर मजबूर हो रहे लोग
इस समय पूरे देश की निगाहें उत्तराखंड के ज़मींदोज़ होते जोशीमठ पर है, लेकिन इससे महज़ 82 किलोमीटर...
25 min FULL BODY STRETCH (No Talking - for Relaxation, Flexibility & Stress Relief)
25 min FULL BODY STRETCH (No Talking - for Relaxation, Flexibility & Stress Relief)
अडाणी-आनंद महिंद्रा समेत 30 से ज्यादा उद्योगपति जयपुर आएंगे:राइजिंग राजस्थान में आएंगे चेयरमैन और सीएमडी,
राइजिंग राजस्थान ग्लोबल इंवेस्टमेंट समिट का आयोजन 9 दिसम्बर से 11 दिसम्बर तक जयपुर में होगा। समिट...
Parliament Session: Congress के ब्लैक पेपर पर PM Modi ने जमकर साधा निशाना | Mallikarjun Kharge
Parliament Session: Congress के ब्लैक पेपर पर PM Modi ने जमकर साधा निशाना | Mallikarjun Kharge
केशोरायपाटन में मनाया जश्ने ईद मिलादुन्नबी
केशोरायपाटन में मनाया जश्ने ईद मिलादुन्नबी
मदरसे के बच्चो ने जोश से जलसे में भाग लिया...