৪বছৰ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ হৈ উদ্বোধন নোহোৱাকৈ থকা  তিনিচুকীয়াৰ গুইজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সোমবাৰে পৰিদৰ্শন চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ।

বিধায়ক গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি জিলা স্বাস্থ্য বিভাগৰ বিষয়াৰে এক আলোচনাত মিলিত হোৱাৰ লগতে চেপ্তেম্বৰ মাহৰ প্ৰথম ভাগত ৰাইজৰ বাবে  মুকলি হ'ব বুলি উল্লেখ কৰে ।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই চেপ্তেম্বৰত স্বাস্থ্য কেন্দ্ৰটো  উদ্বোধন কৰিব বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।