◾ভাৰতীয় যুৱকে ঘৰতে বনাইছিল Airplane

◾প্ৰায় ১৮ মাহ কঠোৰ পৰিশ্ৰমৰ অন্তত এজন ব্যক্তিয়ে ঘৰতে এয়াৰপ্লেন বনাইছিল।  

◾পৰিয়ালৰ সৈতে ছুটী কটোৱাত অসুবিধা হোৱাৰ পিছত ব্যক্তিজনে বিমান বনাবলৈ সিদ্ধান্ত লয়। প্ৰায় ১ কোটি ৩৫ লাখ টকা খৰচ কৰাৰ পিছত তেওঁ এখন বিমান বনাইছিল। ইয়াৰ পিছত তেওঁ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে এই ৪ জনীয়া বিমানত বহু দেশলৈ উৰি ফুৰিছে ।

◾ঘৈণীয়েকৰ লগত ছুটী কটাবলৈ হ’লে মানুহজনে ২ জনীয়া এখন বিমান ভাড়াত লৈ যাব লগা হ’ল৷ যেতিয়া দম্পতীহালৰ দুটা সন্তান হ’ল আৰু তেওঁলোকৰ পৰিয়ালটো ডাঙৰ হ’ল, তেতিয়া মানুহজনে ছুটীত যাবলৈ অসুবিধা হ’বলৈ ধৰিলে। কাৰণ ৪ জনীয়া বিমান হয় আগতীয়াকৈ পোৱা নাছিল নহয় অতি পুৰণি পোৱা গৈছিল।   

◾এই সকলোবোৰত অসুবিধা হৈ ব্যক্তিজনে ঘৰতে এখন নতুন বিমান বনাইছিল। এতিয়া তেওঁ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে বহু দেশ ভ্ৰমণ কৰি উভতি আহিছে।

◾ব্যক্তিজনৰ নাম অশোক আলিছেৰিল থামাৰক্ষন। তেওঁৰ ঘৰ কেৰেলাৰ আলাপ্পুঝাৰ। অশোক প্ৰাক্তন বিধায়ক এভি থামাৰকচনৰ পুত্ৰ। ৩৮ বছৰীয়া অশোকে পালাক্কাড ইঞ্জিনিয়াৰিং কলেজৰ পৰা B.tech কৰিছিল । ইয়াৰ পিছত ২০০৬ চনত তেওঁ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে লণ্ডনলৈ গৈ তালৈ স্থানান্তৰিত হয়। অশোক এজন মেকানিকেল ইঞ্জিনিয়াৰ। বৰ্তমান তেওঁ ফৰ্ড মটৰ কোম্পানীত কাম কৰি আছে।

◾দ্য ছানৰ প্ৰতিবেদন অনুসৰি এই বিমানখন নিৰ্মাণ কৰিবলৈ অশোকৰ বাবে প্ৰায় ১ কোটি ৩৫ লাখ টকা লাগিছিল। অশোকে নিজৰ কন্যাৰ নামেৰে এই বিমানখনৰ নাম জি-দিয়া ৰাখিছে। এতিয়া ৪ জনীয়া এই পৰিয়ালটোৱে এই বিমানৰ পৰা বিভিন্ন ঠাইলৈ যাত্ৰা কৰে। তদুপৰি তেওঁ আন বহু দেশ ভ্ৰমণ কৰি ফুৰে ।

◾পত্নী অভিলাষাই কয়- অশোকৰ হাতত আছে পাইলটৰ অনুজ্ঞাপত্ৰও। আমি প্ৰথম লকডাউনৰ সময়তেই টকা সঞ্চয় কৰিবলৈ আৰম্ভ কৰিছিলো। আমি সদায় বিচাৰিছিলো যে আমাৰো এখন বিমান থাকিব লাগে। আমি প্ৰথম মাহকেইটাত নিজেই বহুত সঞ্চয় কৰিছিলোঁ। ইয়াৰ পিছত আমি বিমানখন বনোৱাৰ কাম আৰম্ভ কৰিলোঁ।

◾অশোকে ক’লে- ২০১৮ চনত মই জনালো যে জোহান্সবাৰ্গস্থিত স্লিং এয়াৰক্ৰাফ্ট নামৰ এটা কোম্পানীয়ে স্লিং টি এছ আই বিমান উৎক্ষেপণ কৰিছে। ইয়াৰ পিছতে অশোকে এই বিমানৰ বিষয়ে তথ্য সংগ্ৰহ কৰি কিটটো অৰ্ডাৰ কৰে। ঘৰৰ চৌহদতে কাম আৰম্ভ কৰিলে। তেওঁ কয়- হোম মেড এয়াৰক্ৰাফ্ট ব্ৰিটেইনৰ বাবে নতুন নহয়। কাৰণ ইয়াত কোম্পানীবোৰে এছেম্বলি কিট যোগান ধৰে।

◾লকডাউনত তেওঁ বহু সময় পাইছিল বিমানখন বনাবলৈ। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ নিজৰ প্ৰজেক্ট সম্পূৰ্ণ কৰি প্ৰথম ভ্ৰমণলৈ গুচি যায়। এই সৰু বিমানখনৰ সৰ্বোচ্চ গতিবেগ 200km/hr। বিমানখনৰ ইন্ধনৰ টেংকৰ ক্ষমতা ১৮০ লিটাৰ।

◾এই বিমানৰ পৰা অশোকে পৰিয়ালৰ সৈতে ব্ৰিটেইনৰ বহু চহৰ ভ্ৰমণ কৰিছে। এই বিমানৰ পৰা বন্ধু-বান্ধৱীৰ সৈতে জাৰ্মানী, অষ্ট্ৰিয়া আৰু চেক গণৰাজ্যলৈও গৈছে।