প্ৰধান শিক্ষক বা বিদ্যালয় এখনৰ সৈতে জড়িত প্ৰতি জন ব্যক্তিয়ে  যদিহে চেষ্টা কৰে তেনেহলে অসমৰ প্ৰতিখন বিদ্যালয়ে দিল্লীৰ বিদ্যালয়ৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা ক্ষমতা আছে।

ডিমৌৰ এখন বিদ্যালয়ৰ দৃশ্য আজি দেখুৱাম। যি খন বিদ্যালয় দেখিলে আপুনিও এবাৰলৈ হলেও ভাবিবলৈ বাধ্য হব প্ৰকৃততে অসমৰ সকলোবোৰ চৰকাৰী বিদ্যালয় কিয় এনেধৰণৰ নহয়। ডিমৌৰ চৰ'গুৱা পি জি আৰ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এইয়া। বিদ্যালয় খনৰ প্ৰতিটো অংশই সুন্দৰ কৈ সজাই পৰাই ছাত্ৰ ছাত্ৰী সকলৰ মনোগ্ৰাহী কৰি তু

লিছে। বিদ্যালয় খনৰ প্ৰধান শিক্ষয়ত্ৰি নিৰু গগৈ তথা সহযোগী শিক্ষক শিক্ষয়ত্ৰি সকলৰ বিদ্যালয় খনৰ প্ৰতি অত্যাধিক ভালপোৱাৰ বাবে এইয়া সম্ভৱ হৈ উঠিছে।