নিউজ ডেস্ক। শেহতীয়াকৈ অসমৰ শিক্ষাখণ্ডৰ অৱস্থাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ যুঁজ ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে।নিতৌ ইজনে-সিজনক লক্ষ্য কৰি টুইটৰ জৰিয়তে বিভিন্ন বিষয় উত্থাপন কৰিছে।শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীৰ এটা টুইটৰ প্ৰত্যুত্তৰ দিবলৈ গৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে অসমৰ যেতিয়া 'আপ'ৰ চৰকাৰ গঠন হ'ব, তেতিয়া দিল্লীৰ দৰেই অসমৰো উন্নয়ন কৰিব।দুর্নীতি শেষ হ'লে অসমতো সম্পদৰ কোনো অভাৱ নঘটে বুলি কয় কেজৰিৱালে।

यक़ीन मानिए, जब असम में "आप" की सरकार बनेगी तो वहाँ भी दिल्ली जैसा विकास करेंगे। भ्रष्टाचार खतम करेंगे तो वहाँ ी सानT की कमी नही होगी। https://t.co/De1TpHyEfn- Arvind Kejriwal (@ArvindKejriwal) August 28, 2022এই টুইট সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিকে সোধা প্রশ্ন সন্দৰ্ভত তেওঁ কয় যে অসমত 'আপ'ৰ চৰকাৰ হ'ব, কিন্তু ১ হাজাৰ বছৰ পিছত, অর্থাৎ ২০২২ চনত।